ৰাষ্ট্ৰীয়

চত্তীছগড়ৰ ৰাজ্যপাল বলৰামজীৰ দেহাৱসান

asomiyapratidin

ডিজিটেল ডেস্কঃ চত্তীছগড়ৰ ৰাজ্যপাল বলৰামজী দাস তণ্ডুনৰ আজি দিনৰ ২:১০ বজাত মৃত্যু হয়। ৯০ বছৰ বয়সত ডা° বি আৰ আম্বেদকাৰ হাস্পতালত দেহাৱসান ঘটে ৰাজ্যপালগৰাকীৰ।

ভাৰতীয় জনতা পাৰ্টীৰ পিতৃ স্বৰূপ জনসংঘৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল তণ্ডুন। ২০১৪ চনত চত্তীছগড়ৰ ৰাজ্যপালৰ আসনত বহা তণ্ডুনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়ত ৬বাৰকৈ কাৰাবৰণ কৰিছিল।

দীৰ্ঘ ৰাজনৈতিক জীৱনত পঞ্জাৱৰ উপ-মুখ্যমন্ত্ৰী হিচাপেও কাৰ্য নিবাহ কৰিছিল তণ্ডুনে। ৰাজ্যপালগৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ অন্যান্য ৰাজনৈতিক নেতাসকলে শোক প্ৰকাশ কৰিছে।