বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ আপত্তিজনক ভিডিঅ' ভাইৰেলৰ আঁৰৰ ভয়ংকৰ কাহিনী পোহৰলৈ...

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ আপত্তি জনক ভিডিঅ' ভাইৰেল হোৱাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। এই ঘটনাক লৈ বহু তথ্য এতিয়ালৈকে পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ আপত্তিজনক ভিডিঅ' ভাইৰেলৰ আঁৰৰ ভয়ংকৰ কাহিনী পোহৰলৈ...

ডিজিটেল ডেস্ক: পঞ্জাৱৰ মোহালীস্থিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়(চণ্ডীগড় বিশ্ববিদ্যালয়)ৰ গাৰ্লচ হোষ্টেলৰ ছাত্ৰীৰ আপত্তিজনক ভিডিঅ' ভাইৰেল হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰিছে। ঘটনা সন্দৰ্ভ বিশ্ববিদ্যালয় খনত তীব্ৰ প্ৰতিবদ সাৱ্যস্ত হয় আৰু তাৰ পাছতেই শনিবাৰলৈ বন্ধ ঘোষণা কৰা হয় বিশ্ববিদ্যালয়খন।

Advertisment

এই ঘটনাৰ পাছতেই বিশ্ববিদ্যালয় প্ৰশাসনে ছাত্ৰীক বেয়া ব্যৱহাৰ কৰাৰ বাবে গাৰ্লচ হোষ্টেলৰ ৱাৰ্ডে ৰাজবিন্দৰ কৌৰক নিলম্বিত কৰে।এটা ভাইৰেল হোৱা ভিডিঅ'ত দেখিবলৈ পোৱা গৈছিল যে গ্ৰেপ্তাৰ হোৱা ছাত্ৰী গৰাকীক গালি পাৰি আছিল ৱাৰ্ডেন গৰাকীয়ে আৰু আৰক্ষীক খবৰ দিয়া নাছিল।

এই ঘটনা সন্দৰ্ভত বৰ্তমান সময়লৈকে ৩ গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।  প্ৰতিবাদৰ পাছত অভিযুক্ত যুৱতী, তেওঁৰ প্ৰেমিক ছানী মেহতাক গ্ৰেপ্তাৰ কৰে।২৩ বছৰীয়া ছানী মেহতা এটা ট্ৰেভেল এজেঞ্চীত কাম কৰে।ইয়াৰ উপৰিও আন এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

অভিযোগ অনুসৰি চণ্ডীগড় বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰীৰ স্নান কৰা ভিডিঅ' ভাইৰেল হৈ পৰিছিল। আৰু এগৰাকী যুৱতীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছিল। কিন্তু আৰক্ষীয়ে জনোৱা অনুসৰি কেৱল অভিযুক্ত যুৱতী গৰাকীৰ ভিডিঅ'হে ভাইৰেল হৈছিল আৰু সেই ভিডিঅ' তেওঁ প্ৰেমিকলৈ প্ৰেৰণ কৰিছিল।

আনকি যুৱতী গৰাকীৰ মোবাইলৰ পৰাও আপত্তিজনক ভিডিঅ' লাভ কৰিছে আৰক্ষীয়ে আৰু সেই ভিডিঅ অভিযুক্ত ছাত্ৰী গৰাকীৰেই আছিল। অন্যহাতে বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনাক অস্বীকাৰ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

mms chandigarh university arrested