ৰাষ্ট্ৰীয়

আজি চি বি আইয়ে গ্ৰেপ্তাৰ কৰিব পাৰে আই পি এছ বিষয়া ৰাজীৱ কুমাৰক…

asomiyapratidin

ডিজিটেল ডেস্কঃ সাৰদা চিটফাণ্ড কেলেংকাৰীত অভিযুক্ত কলকাতাৰ শীৰ্ষ আৰক্ষী বিষয়া ৰাজীৱ কুমাৰ আত্মগোপন কৰি থকা স্থানৰ সন্ধান লাভ কৰিছে চি বি আইয়ে। বৃহস্পতিবাৰে এই কথা সদৰি কৰিছে চি বি আইয়ে। ইতিমধ্যে সাৰদা চিটফাণ্ড কেলেংকাৰীৰ সন্দৰ্ভত আৰক্ষী বিষয়াগৰাকীক সোধ-পোচৰ মাতি এক চমন প্ৰেৰণ কৰিছে অনুসন্ধানকাৰী সংস্থাটোৱে।

চি বি আইয়ে শুকুৰবাৰে পুৱা ১১ বজাত ৰাজীৱ কুমাৰক কলকাতাৰ চি বি আই কাৰ্যালয়ত উপস্থিত হবলৈ নিৰ্দেশ প্ৰদান কৰিছে। যদি ৰাজীৱ কুমাৰ শুকুৰবাৰে চি বি আই সহযোগিতা নকৰে তেন্তে বিয়লি ভাগলৈ গ্ৰেপ্তৰ হব পাৰে আই পি এছ বিষয়া ৰাজীৱ কুমাৰ।