ৰাষ্ট্ৰীয়

নাগৰিকত্ব সংশোধনী আইনৰ সৈতে ভাৰতীয় নাগৰিকৰ কোনো সম্পৰ্ক নাইঃ উপ ৰাষ্ট্ৰপতি…

asomiyapratidin

ডিজিটেল ডেস্কঃ 'নাগৰিকত্ব সংশোধনী আইনৰ সৈতে ভাৰতীয় নাগৰিকৰ কোনো সম্পৰ্ক নাই। চুবুৰীয়া দেশসমূহত অত্যাচাৰৰ বলি হোৱা সংখ্যালঘু লোকসকলৰ সহায়ৰ বাবেহে এই আইন অনা হৈছে।' – দেশৰ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে শনিবাৰে এই মন্তব্য কৰে। লগতে উপ ৰাষ্ট্ৰপতিগৰাকীয়ে দেশৰ বিভিন্ন প্ৰান্তত 'কা'ৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয়, 'বিৰোধ প্ৰদৰ্শন গণতন্ত্ৰত প্ৰয়োজনীয় যদিও হিংসাৰ আশ্ৰয় ল'ব নালাগে। হিংসামূলক কাম কাজে এখন ৰাষ্ট্ৰক লোকচানৰ মুখলৈ ঠেলি দিয়ে। যিকোনো প্ৰতিবাদ শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক হোৱাটো উচিত। দেশৰ একতা আৰু অখণ্ডতাৰ স্বাৰ্থত মাত মতাটো সকলোৰে অধিকাৰ।' উল্লেখ্য যে, শনিবাৰে অনুষ্ঠিত শিক্ষা বিষয়ক এক অনুষ্ঠানত এই মন্তব্য কৰে উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে।