bollywood
bollywood  
ৰাষ্ট্ৰীয়

বিপদত বলিউড ! ছলমানলৈ Y+, বিগবি অমিতাভ বচ্চন আৰু অনুপম খেৰলৈ X কেটেগৰীৰ নিৰাপত্তা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এজনৰ পিছত আন এজনকৈ বলিউড চেলিব্ৰেটিৰ জীৱনলৈ নামি আহিছে ভাবুকি ! অতি শেহতীয়াকৈ বলিউড অভিনেতা ছলমান খানৰ প্ৰাণৰ প্ৰতি অহা ভাবুকিৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে ছলমান খানলৈ Y+ কেটেগৰীৰ নিৰাপত্তা দিয়াৰ পিছতে এইবাৰ বিগবি অমিতাভ বচ্চনলৈও আগবঢ়াইছে X কেটেগৰীৰ নিৰাপত্তা।

উল্লেখ্য যে পূৰ্বে অমিতাভ বচ্চনে লাভ কৰি আছিল Y কেটেগৰীৰ নিৰাপত্তা। একেদৰে আন এগৰাকী বলিউড অভিনেতা অনুপম খেৰলৈও আগবঢ়োৱা হৈছে X কেটেগৰীৰ নিৰাপত্তা আগবঢ়োৱা হৈছে। মহাৰাষ্ট্ৰ চৰকাৰে অনুপম খেৰক X কেটেগৰীৰ নিৰাপত্তা আগবঢ়োৱাত এতিয়া তেওঁৰ সৈতে অহৰহ ৩ জন নিৰাপত্তাৰক্ষী উপস্থিত থাকিব।

মন কৰিবলগীয়া যে ছলমান খানক লৰেঞ্চ বিষ্ণোই গেঙে হত্যাৰ ভাবুকি প্ৰদান কৰিছিল। এই বিষ্ণোই গেঙেই পঞ্জাৱৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছেৱালাৰ হত্যাত জড়িত আছিল। মুছেৱালাৰ হত্যাৰ পিছতো এই গেঙটোৱে সময়ে সময়ে বলিউডৰ তাৰকাক এইদৰে হত্যাৰ ভাবুকি প্ৰদান কৰি অহাত এতিয়া তেওঁলোকৰ নিৰাপত্তা ব্যৱস্থাক লৈ কোনো ধৰণৰ কৃপণালী কৰিব বিচৰা নাই মহাৰাষ্ট্ৰ চৰকাৰে।