ৰাষ্ট্ৰীয়

চৰকাৰী সভাত বিজেপি বিধায়কৰ ‘আৰক্ষী হায় হায়’ ধ্বনি…VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ বিভিন্ন ৰাজনৈতিক নেতা নিজৰ কৰ্মকাণ্ডৰ বাবে বহু সয়ত চৰ্চিত হৈ পৰে। শেহতীয়াকৈ হাৰিয়ানাৰ এজন বিধায়ক এনে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিধায়ক জন হৈছে হাৰিয়ানাত আম্বালা চহৰৰ বিজেপি বিধায়ক অসীম গোৱেল।

দৰাচলতে হাৰিয়ানাৰ পৰিবহন মন্ত্ৰী কৃষ্ণলাল পৱাৰৰ অধ্যক্ষতাত জনসম্পৰ্ক আৰু অভিযোগ দাখিল সমিতিৰ এজন সভা অনুষ্ঠিত হৈছিল। সভাত সকলো বিষয় আলোচনা হৈছিল, কিন্তু হঠাতে ঘটিল অঘটন।

বিজেপি বিধায়ক অসীম গোৱেলে সভাৰ মাজতে আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিলে। সভাৰ মাজতে আৰক্ষী বিৰোধী শ্লোগানো দিলে বিধায়কজনে। সভাৰ মাজতে এনে হোৱা এনে প্ৰতিবাদত বিধায়ক জনক সংগ দিলে কেইবাজনো ব্যক্তিয়ে।