ৰাষ্ট্ৰীয়

আৰক্ষী বিষয়াৰ উচতনিত বিজেপি নেতাৰ আত্মহত্যা!…

asomiyapratidin

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ পানীপতৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়া মনীষা চৌধৰীৰ বিৰুদ্ধে বিজেপিৰ বিশিষ্ট নেতা হৰিশ শৰ্মাক আত্মহত্যাৰ বাবে উচতনি দিয়াৰ বুলি গোচৰ ৰুজু হৈছে। ৰাজ্যখনৰ গৃহমন্ত্ৰীয়ে বিজেপি নেতা বিজেপি নেতা গৰাকীৰ আত্মহত্যাৰ পিছত এই ঘটনাৰ তদন্তৰ আদেশ দিছিল।

বৰ্তমান উপমুখ্যমন্ত্ৰী দুষ্যন্ত চৌতালাই আৰক্ষী গৰাকীৰ ৰক্ষনা-বেক্ষণ দিছে আৰু ইয়াৰ পিছত এই সামগ্ৰিক ঘটনাই ৰাজনৈতিক বিষয়ৰ ৰূপ লৈছে। উল্লেখ্য যে ৫২ বছৰীয়া হৰীশ শৰ্মাই ১৯ নবেম্বৰত আত্মহত্যা কৰিছিল আৰু এই সম্পৰ্কে তেওঁৰ পৰিয়ালে আৰক্ষীৰ ওপৰত শোষণৰ অভিযোগ তুলিছিল।