ৰাষ্ট্ৰীয়

কোভিড ভেকচিন নামত বিজেপিয়ে দেশখন ভাগ ভাগ কৰিবলৈ সাজুঃ সঞ্জয় ৰাউত…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে বিনামূলীয়া ভেকছিনৰ প্ৰতিশ্ৰুতিৰ ওপৰত শিৱসেনাই মত পোষণ কৰিছে। শিৱসেনাৰ মুখপাত্ৰ সঞ্জয় ৰাউতে শুক্ৰবাৰে কয় যে, চৰকাৰে জাতি-ধৰ্ম ঠাইত এতিয়া ভেকছিনৰ নামত দেশখন ভাগ ভাগ কৰিবলৈ সাজু হৈছে।

শিৱসেনাৰ মুখপাত্ৰজনে, যত বিজেপি চৰকাৰ নাই তাতে ভেকচিন উপলব্ধ নহ'ব নেকি বুলিও প্ৰশ্ন কৰে সঞ্জয় ৰাউতে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধন আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নদাই এই কথা স্পষ্ট কৰিব লাগে বুলিও মন্তব্য কৰিছে শিৱ সেনাই।

তেওঁ কয় যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যেতিয়া কৰোনাৰ ভেকছিন আহিব, ইয়াক ঘৰে ঘৰে উপলব্ধ কৰোৱা হ'ব। তেন্তে নতুন প্ৰণালী এটা সৃষ্টি নকৰিব। ৰাউতে পুণৰ কয়, সৰুতে তেওঁ শুনিছিল যে তেজ দিলে দেশ লাভ কৰে কিন্তু এতিয়া এনে দিন আহিল যে ভোট দিলে হে ভেকচিন পাব।