ৰাষ্ট্ৰীয়

‘কোভিক্সিন’ কোভিড ভেকচিনৰ বিতৰন আৰম্ভ, দেশৰ ১১ খন চহৰলৈ প্ৰেৰণ ‘কোভিক্সিন’…

asomiyapratidin

ডিজিটেল ডেস্ক : ভাৰতত ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব কোভিড ভেকচিনৰ টিকাকৰন । সকলো ৰাজ্যত টিকাকৰনৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে।ভাৰত বায়'টেকৰ কোভিড ভেকচিন 'কোভিক্সিন' প্ৰথম পৰ্যায়ত হায়দৰাবাদৰ পৰা দিল্লীৰ লগতে দহ খন চহৰলৈ প্ৰেৰন কৰা হৈছে।

বুধবাৰে ৰাতিপুৱা প্ৰেৰণ কৰা হয় এই ভেকচিন সমূহ । ইফালে চিৰাম ইনষ্টিটিউটে মঙলবাৰে মঙলবাৰে পুনেৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰন কৰিছিল কোভিশ্বিল্ড । 'কোভিক্সিন' ভেকচিন ইয়াৰ ইণ্ডিয়াৰ বিমানেৰে দিল্লীলৈ প্ৰেৰন কৰা হয় । ইয়াত ৮০.৫ কিলোগ্ৰামৰ তিনিটা বাকচ আছে ।

এএনআইত প্ৰকাশিত অনুসৰি এজন বিষয়াই কয় যে – এয়াৰ ইণ্ডিয়াৰ বিমান এ আই ৫৫৯ৰ পৰা ভেকছিনৰ প্ৰথম কনচাইনমেণ্টটো বুধবাৰে ৰাতিপুৱা ৬:৪০ বজাত হায়দৰাবাদৰ পৰা দিল্লীলৈ প্ৰেৰণ কৰা হৈছে। দিল্লীৰ উপৰিও 'কোভিক্সিন'ৰ কনচাইনমেণ্টবোৰ বেংগালোৰ, চেন্নাই, পাটনা,জয়পুৰ আৰু লক্ষ্ণৌলৈ প্ৰেৰণ কৰা হয়। বুধবাৰে মুঠ ১৪ টা কনচাইনমেণ্ট প্ৰেৰণ কৰা হ'ব বুলি বিষয়াজনে জানিব দিয়ে ।