মমতাৰ প্ৰশংসাত পঞ্চমুখ মুকেশ আম্বানীঃ বংগত বিনিয়োগ কৰিব ২০ হাজাৰ কোটি...
মমতাৰ প্ৰশংসাত পঞ্চমুখ মুকেশ আম্বানীঃ বংগত বিনিয়োগ কৰিব ২০ হাজাৰ কোটি... 
ৰাষ্ট্ৰীয়

মমতাৰ প্ৰশংসাত পঞ্চমুখ মুকেশ আম্বানীঃ বংগত বিনিয়োগ কৰিব ২০ হাজাৰ কোটি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ অংক নে আন কিবা? বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰশংসাত পঞ্চমুখ ৰিলায়েন্স গ্ৰুপৰ মুৰব্বী মুকেশ আম্বানী। বিশ্ব বংগ বাণিজ্য সন্মিলনত অংশগ্ৰহণ কৰি উদ্যোগপতি মুকেশ আম্বানিয়ে মমতা বেনাৰ্জীক প্ৰশংসা কৰি ক’লে- ''আপুনি সঁচাকৈয়ে অগ্নিকন্যা। আপোনাৰ নেতৃত্বত সোণাৰ বাংলা আজি বিনিয়োগৰ বাবে আদৰ্শৰ ঠিকনা হৈ পৰিছে।''

বিশ্ব বংগ বাণিজ্য সন্মিলনত মুকেশ আম্বানিয়ে ‘আমাৰ সোণাৰ বাংলা আমি তোমায় ভালোবাসি’ বুলি বাংলাতে কৈ মমতা বেনাৰ্জীক প্ৰশংসাৰে উপচায় দিয়ে। তেওঁ কয়, অটল বিহাৰী বাজপেয়ীয়ে আপোনাক ঠিকেই অগ্নিকন্যা আখ্যা দিছিল। আপোনাৰ নেতৃত্বত বাংলা সঁচাকৈয়ে সোণৰ হৈ উঠিছে। সেয়েহে বংগৰ মানুহে আপোনাৰ ওপৰত আস্থা ৰাখিছে।

মমতা বেনাৰ্জীৰ নেতৃত্ব বংগ আগবাঢ়ি যোৱাৰ কথা উল্লেখ কৰি তেওঁ এক পৰিসংখ্যাও দাঙি ধৰে। আম্বানীয়ে কয়, বংগৰ জি ডি পি এতিয়া ১১.৫ শতাংশ। যি গোটেই দেশৰ তুলনাত বহু বেছি। মমতা বেনাৰ্জীৰ আমোলত কৰ আদায় ৩ গুণ বৃদ্ধি হৈছে।

যিসময়ত দেশৰ আন আন ৰাজ্যই বিনিয়োগকাৰী বিচাৰি হাহাকাৰ কৰিছে, বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, বিনিয়োগকাৰীৰ অনুকুলে পৰিস্থিতি তৈয়াৰ কৰিছে সেই সময়ত বংগক বিনিয়োগকাৰীৰ বাবে আদৰ্শৰ ঠিকনা আখ্যা দিছে মুকেশ আম্বানীয়ে।

আম্বানীয়ে কয়, বাংলাৰ মাটি উন্নয়ন আৰু সম্ভাৱনাৰ মাটি। বংগ এতিয়া বিনিয়োগকাৰীৰ আদৰ্শৰ ঠিকনা। শিল্প, সাহিত্য তথা বুদ্ধিমত্তাৰ বাবে বিখ্যাত এতিয়া বংগ উদ্যোগৰ বাবে নতুনকৈ বিখ্যাত হৈ পৰিছে।

সন্মিলনত আম্বানীয়ে পুনৰ কয়, ৰিলায়েন্সে বিশ্ব বংগ বাণিজ্য সন্মিলনত যোৱা ছয় বছৰত  প্ৰায় ৪৫,০০০ কোটি টকা বিনিয়োগ কৰিছে। তেওঁৰ কোম্পানীয়ে অহা তিনি বছৰত ৰাজ্যখনত আৰু ২০,০০০ কোটি টকা বিনিয়োগ কৰিব।

বংগক পূবৰ লজিষ্টিক কেন্দ্ৰ আখ্যা দি তেওঁ কয়, ৰিলায়েন্সে সমগ্ৰ বংগত লজিষ্টিক হাব স্থাপন কৰিব। ৰিলায়েন্সে অহা দুবছৰত ৰাজ্যখনত ১২ হাজাৰ খুচুৰা বিপনী স্থাপন কৰিব। কেৱল সেয়াই নহয় নিজে বিনিয়োগ কৰাৰ উপৰি তেওঁ দেশ-বিদেশৰ আন উদ্যোগপতিসকলকো বংগত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছে।