ৰাষ্ট্ৰীয়

বাজপেয়ীৰ স্বাস্থ্য পুনৰ সংকটজনক

asomiyapratidin

ডিজিটেল ডেস্কঃ অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্য পুনৰ সংকটজনক হৈ পৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু গৃহমন্ত্ৰী ৰাজনাথ সিঙে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লয়।

বৰ্তমান এইমছ হাস্পতালত চিকিৎসাধীন হৈ আছে বাজপেয়ী। ১১ জুনত বাজপেয়ীক এইমছত ভৰ্তি কৰোৱা হৈছিল। শনিবাৰে সন্ধিয়া ৮.১৫বজাত ৰাজনাথ সিঙে বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লয় চিকিৎসকৰ সৈতে কথা পাতে।

তাৰ পূৰ্বে বাজপেয়ীৰ স্বাস্থ্যৰ বুজ ল'বলৈ গৈছিল অমিত শ্বাহ। ৯৩ বছৰীয়া বাজপেয়ীৰ শৰীৰৰ প্ৰায়বোৰ অংগই বিকল হৈ পৰিছে। চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ ওপৰত ২৪ ঘণ্টাই চোকা নজৰ ৰাখিছে।