ৰাষ্ট্ৰীয়

কোচবিহাৰৰ বাবুৰহাটত বন্দুকধাৰীৰ সন্ত্ৰাস

asomiyapratidin

ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ কোচবিহাৰৰ বাবুৰহাট অঞ্চলত বুধবাৰে বন্দুকধাৰী এজন লোকে দুই ৰাউণ্ডকৈ গুলী চালনাৰে সন্ত্ৰাস সৃষ্টি কৰে। পিছত ক্ষুব্ধ স্থানীয় লোকসকলে বন্দুকধাৰী লোকজনক হাতে-লোটে ধৰি আৰক্ষীক গতাই দিয়ে।

অভিযুক্ত লোকজনে আৰক্ষীৰ আগত নিজকে তৃণমূল কংগ্ৰেছৰ সদস্য দেবাৰুণ দাস বুলি পৰিচয় দিয়ে। আৰক্ষীয়ে জনোৱা মতে, গুলীচালনাৰ সময়ত সুৰামত্ত অৱস্থাত আছিল ধৃত লোকজন।