সকলো নেতা মনিষ চিছ'দিয়া,সঞ্জয় সিং অথবা সত্য়েন্দ্ৰ জৈন হ'ব নোৱাৰেঃ আতিশী মাৰ্লেনা
সকলো নেতা মনিষ চিছ'দিয়া,সঞ্জয় সিং অথবা সত্য়েন্দ্ৰ জৈন হ'ব নোৱাৰেঃ আতিশী মাৰ্লেনা 
ৰাষ্ট্ৰীয়

সকলো নেতা মনিষ চিছ'দিয়া,সঞ্জয় সিং অথবা সত্য়েন্দ্ৰ জৈন হ'ব নোৱাৰেঃ আতিশী মাৰ্লেনা

Asomiya Pratidin

ডিজিটেল সংবাদঃ দিল্লীৰ আপ চৰকাৰৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি পদত্যাগ কৰা আপৰ বিধায়ক ৰাজকুমাৰ আনন্দক নিৰ্বাচনী প্ৰচাৰৰ মাজতে আক্ৰমণৰ লক্ষ্য কৰি ল'লে দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাই। বৃহস্পতিবাৰে দিল্লীৰ গোবিন্দপুৰি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে আপৰ সদ্য পদত্যাগী বিধায়ক ৰাজকুমাৰ আনন্দক কটাক্ষ কৰে মাৰ্লেনায়।

নিজৰ ভাষণত ৰাজকুমাৰ আনন্দৰ প্ৰতি তেওঁলোকৰ সহানুভূতি আছে বুলি কৈ মাৰ্লেনাই কয়, ৰাজকুমাৰ আনন্দৰ ওপৰত ইডি য়ে হেঁচা প্ৰয়োগ কৰিছে। যাৰ ফলত তেওঁ এনে সিদ্ধান্ত ল'বলগীয়া হৈছে। প্ৰতিগৰাকী নেতা মনিছ চিছ'দিয়া,সঞ্জয় সিং অথবা সত্য়েন্দ্ৰ জৈন হ'ব নোৱাৰে। বহু কষ্টৰ সন্মুখীন হোৱা পাছটো তেওঁলোক আম আদমী পাৰ্টীৰ সৈতে বৰ্তি আছে।

আনহাতে আতিশী মাৰ্লেনাৰ অভিযোগক প্ৰত্য়াখ্যান কৰি কাৰো হেঁচাত পদত্য়াগ কৰা নাই বুলি স্পষ্ট কৰে ৰাজকুমাৰ আনন্দে। তেওঁ কয় যে,মোৰ বিৰুদ্ধে ইডি ওচৰত ভ্ৰষ্টাচাৰৰ প্ৰমাণ থাকিলে মোক বৰ্তমানেও মুকলি কৰি নিদিলে হয়। ইয়াৰোপৰি তেওঁ বিজেপিত যোগদান কৰিব নেকি বুলি কৰা এক প্ৰশ্নৰ উত্তৰত কয়, মই আপৰ সৈতে আছো।

উল্লেখ্য যে, দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ গোচৰত এজনৰ পাছত এজনকৈ বহু কেইজন আপ নেতা, বিধায়কক ইডি, চি বি আইয়ে গ্ৰেপ্তাৰ কৰাৰ উপৰিও সোধপোছ অব্যাহত ৰাখিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে কেইবাজনো বিধায়ককো সোধপোছ কৰিছে। শীঘ্ৰেই এই গোচৰত আন দুই, এজন বিধায়কো গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনাৰ বিষয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰিত হৈছে।