দিল্লীত মল্লিকাৰ্জুন খাড়গেৰ বাসগৃহত অসম জাতীয় পৰিষদৰ বৈঠক...
দিল্লীত মল্লিকাৰ্জুন খাড়গেৰ বাসগৃহত অসম জাতীয় পৰিষদৰ বৈঠক... 
ৰাষ্ট্ৰীয়

দিল্লীত মল্লিকাৰ্জুন খাড়গেৰ বাসগৃহত অসম জাতীয় পৰিষদৰ বৈঠক...

Asomiya Pratidin

ডিজিটেল সংবাদ দিল্লীঃ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাড়গেৰ বাসগৃহত এক বৈঠকত মিলিত হয় অসম জাতীয় পৰিষদৰ নেতৃত্ব। জাতীয় পৰিষদৰ দলটোত আছে সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা, ৰাজু ফুকন, চমচেৰ সিং আৰু জিয়াউৰ ৰহমান। ইয়াৰোপৰি উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাৰপতি ভূপেন বৰা, পৰ্যবেক্ষক জীতেন্দ্ৰ সিং।

এই বৈঠকৰ অন্তত জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়- আজি 'কা' আইনৰ বিধিসমূহৰ অধিসূচনা কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে। জাতীয় জীৱনৰ এই জটিল সময়ত আমি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাড়গেক সাক্ষাত কৰিলো।

জাতীয় পৰিষদৰ তৰফৰ পৰা আমি ইণ্ডিয়া এলায়েঞ্চ আৰু কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত অসমৰ সমস্যাসমূহৰ অন্তৰ্ভুক্ত হোৱাটো বিছাৰিছো। ইণ্ডিয়া এলায়েঞ্চৰ চৰকাৰ গঠন হ'লে অসমত কা আইন প্ৰত্যাহাৰ কৰিব লাগিব।

ইয়াৰোপৰি তেওঁ কয়, ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ গঠন হ'লে অসম চুক্তিৰ ৫ আৰু ৬ নম্বৰ দফাৰ ৰূপায়ন তথা অসম চুক্তিও ৰূপায়ন কৰিব লাগিব। সমান্তৰালকৈ অসমৰ ৬ জনগোষ্ঠীক জনজাতিৰ ময্যদা প্ৰদান কৰিব লাগিব। বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিব।

ইফালে দিল্লীৰ পৰাই তেওঁ অসমত বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা "কা" আইন বলবৎ কৰাৰ ধাৰাবাহিক প্ৰতিবাদ কৰা হ'ব বুলিও হুংকাৰ দিয়ে ৷ অৱশ্যে এই বৈঠকত প্ৰাৰ্থী তালিকা সম্পৰ্কত কোনোধৰণৰ আলোচনা কৰা নাই বুলিহৈ মন্তব্য কৰিলে গগৈয়ে। কেৱল অসমৰ মৌলিক সমস্যা সমূহৰ সম্পৰ্কতহে এই আলোচনা বুলি কয় তেওঁ।