অপমান কৰিবলৈ মোক গ্ৰেপ্তাৰ কৰিছেঃ অৰবিন্দ কেজৰিৱাল
অপমান কৰিবলৈ মোক গ্ৰেপ্তাৰ কৰিছেঃ অৰবিন্দ কেজৰিৱাল 
ৰাষ্ট্ৰীয়

অপমান কৰিবলৈ মোক গ্ৰেপ্তাৰ কৰিছেঃ অৰবিন্দ কেজৰিৱাল

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মোক অপমান কৰিবলৈ গ্ৰেপ্তাৰ কৰা হৈছেঃ এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে পুৱা ইডিক কটাক্ষ কৰি এই মন্তব্য কৰে। তেওঁ কয় যে, গ্ৰেপ্তাৰৰ উদ্দেশ্য কেৱল মোক অপমান কৰা। মোক অক্ষম কৰিবলৈ।

সুৰা নীতি কেলেংকাৰীৰ গোচৰত ২১মাৰ্চ, ২০২৪ চনত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। প্ৰথম অৱস্থাত তেওঁ ইডিৰ জিম্মাত আছিল আৰু পৰৱৰ্তী সময়ত তেওঁক ১৫ এপ্ৰিললৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। বৰ্তমান তিহাৰ জেলত আছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী।

গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি আপে কয় যে, বিজেপিয়ে কেন্দ্ৰীয় সংস্থাসমূহ ব্যৱহাৰ কৰি আপক ধ্বংস কৰিব বিচাৰিছে। বিজেপিয়ে কেজৰিৱালক লোকসভা নিৰ্বাচনত অংশগ্ৰহণত বাধা দিবলৈ এনে কাম কৰিছে।