ৰাষ্ট্ৰীয়

৩১ অক্টোবৰৰ ভিতৰত পথত থকা সকলো গাঁত নাইকিয়া কৰা হ’বঃ ঘোষণা মু্খ্যমন্ত্ৰীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৩১ অক্টোবৰৰ ভিতৰত পি ডব্লিউ ডিৰ অধীনত থকা সকলো পথত থকা গাঁত মেৰামতি কৰি আটক-ধুনীয়া কৰা হব। বৃহস্পতিবাৰে সংবাদমাধ্যমযোগে জনতাক এই প্ৰতিশ্ৰুতি প্ৰদান কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

বৃহস্পতিবাৰে পি ডব্লিউ ডিৰ বিষয়া-বৰ্গৰ সৈতে আলাপ-আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী কেজৰিৱালে ঘোষণা কৰে যে, 'দিল্লী চৰকাৰৰ অধীনত প্ৰায় ১২৬০ কিঃমিঃ জোৰা পথ আছে। চৰকাৰ তৰফৰ পৰা অনুসন্ধান চলাই পোৱা গৈছিল যে এই পথচোৱাত মুঠ গাঁত আছে প্ৰায় ২৩২ টা। '

'ইফালে ৩৯২ টা স্থানত বৰ্তমান পথ মেৰামতিৰ কাম চলি আছে। আমি অনুসন্ধানৰ অন্তত বিভাগীয় বিভাগৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লৈছো যে চলিত বৰ্ষৰ ৩১ অক্টোবৰৰ ভিতৰত এই সকলো পথ মেৰামতি কৰা হব।' মুখ্যমন্ত্ৰী কেজৰিৱালে লগতে জনায় যে, এই সকলো কামৰ বুজ লবলৈ অহা ২৪ অক্টোবৰত তেও পুনৰ পি ডব্লিুউ ডিৰ বিষয়া সকলৰ সৈতে এক বৈঠকত বহিব।