চলি আছে অৰুাণাচল, ছিকিম বিধানসভা নিৰ্বাচনৰো ভোটগ্ৰহণ...
চলি আছে অৰুাণাচল, ছিকিম বিধানসভা নিৰ্বাচনৰো ভোটগ্ৰহণ... 
ৰাষ্ট্ৰীয়

চলি আছে অৰুাণাচল, ছিকিম বিধানসভা নিৰ্বাচনৰো ভোটগ্ৰহণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যত লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অৰুণাচল আৰু ছিকিমত অনুষ্ঠিত হৈছে ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন। আজি ৰাজ্যখনৰ দুয়োখন লোকসভা আসনৰ লগতে ৫০ খন বিধানসভা আসনৰ বাবেও অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

৬০ খন বিধানসভা আসনৰ ভিতৰত ইতিমধ্যে ১০ খন আসনৰ ১০ জনকৈ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। ৰাজ্যখনত প্ৰতিদ্বন্দিতা কৰা ২৩ জন প্ৰাৰ্থিৰ বিৰুদ্ধে আছে অপৰাধজনিত গোচৰ।

আনহাতে ৰাজ্যখনত প্ৰতিদ্বন্দিতা কৰা মুঠ ১৪৬ জন প্ৰাৰ্থিৰ ভিতৰত ১২ গৰাকী মহিলা প্ৰাৰ্থি। অৰুণাচল প্ৰদেশৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনত পুৱা ৯ বজালৈকে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৯.৩৫ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

আনহাতে ছিকিমত এখন লোকসভা আসনৰ লগতে ৩২ খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত পুৱা ৯ বজালৈকে ৭.৯০ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।