ৰাষ্ট্ৰীয়

সেনাই উদ্ধাৰ কৰিলে চিক্কিমত আৱদ্ধ হৈ থকা প্ৰায় ৮০০ গৰাকী পৰ্যটকক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাই উদ্ধাৰ কৰে চিক্কিমৰ উচ্চ এক অঞ্চলত আৱদ্ধ হৈ থকা প্ৰায় ৮০০ গৰাকী পৰ্যটকক। জানিব পৰা মতে বুধবাৰে হোৱা তুষাৰপাত আৰু বেয়া বতৰৰ বাবে পূৱ চিক্কিমৰ বহু অঞ্চলত আৱদ্ধ হৈ আছিল পৰ্যটক। এই পৰ্যটকসকলৰ ভিতৰত বয়োজ্যেষ্ঠ ব্যক্তি, শিশু আৰু মহিলাও আছিল।

ভাৰতীয় সেনাই দিনৰ ভাগৰ পৰা আৰম্ভ কৰা অভিযান সন্ধিয়ালৈকে চলিছিল আৰু সকলো পৰ্যটকক সুকলমে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছিল। বিষয়াসকলে জানিবলৈ দিয়া মতে সকলো পৰ্যটকক আশ্ৰয়, গৰম কাপোৰ, চিকিৎসা আৰু গৰম আহাৰ প্ৰদান কৰা হৈছিল। সৈন্যবাহিনীয়ে আৱদ্ধ পৰ্যটকসকলক স্থান দিবলৈ তেওঁলোকৰ বেৰেকবোৰো খালী কৰিছিল।