ক্ৰিকেট মেচৰ বাবেই ৫ মাহ পূৰ্বে অন্ধ্ৰত হৈছিল ভয়াৱহ ৰে'ল দুৰ্ঘটনাঃ প্ৰাণ হেৰুৱাইছিল ১৪ জনে...
ক্ৰিকেট মেচৰ বাবেই ৫ মাহ পূৰ্বে অন্ধ্ৰত হৈছিল ভয়াৱহ ৰে'ল দুৰ্ঘটনাঃ প্ৰাণ হেৰুৱাইছিল ১৪ জনে... 
ৰাষ্ট্ৰীয়

ক্ৰিকেট মেচৰ বাবেই ৫ মাহ পূৰ্বে অন্ধ্ৰত হৈছিল ভয়াৱহ ৰে'ল দুৰ্ঘটনাঃ প্ৰাণ হেৰুৱাইছিল ১৪ জনে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰায় পাঁচ মাহৰ পূৰ্বে অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰত সংঘটিত হোৱা ভয়াৱহ ৰে'ল দুৰ্ঘটনাৰ কাৰণ জনালে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। এই দুৰ্ঘটনাৰ কাৰণ জানিলে চকু কপালত উঠিব আপোনাৰো। কিমান দায়িত্বহীন হ'ব পাৰে একাংশ লোক সেই কথাই আপোনাক ভবাই তুলিব।

ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰা মতে ৰে'ল চালকে মোবাইলত ক্ৰিকেট খেল চোৱাৰ বাবেই সংঘটিত হৈছিল এই দুৰ্ঘটনা। উল্লেখ্য যে, ২০২৩ ৰ ২৯ অক্টোবৰত বিজয়নগৰ জিলাৰ কণ্টকপল্লী অঞ্চলত দুখনকৈ পেচেঞ্জাৰ ৰে'লৰ মুখামুখী সংঘৰ্ষ হৈছিল।

এই দুৰ্ঘটনাত ১৪ জনকৈ যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল ৫০ জনৰো অধিক লোক। শনিবাৰে সেই ৰে'ল দুৰ্ঘটনাৰ কাৰণ ব্যাখ্যা কৰিলে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। তেওঁ জনোৱা অনুসৰি ৰে'লৰ চালক আৰু সহ-চালকে সেই সময়ত মোবাইলত ক্ৰিকেট মেচ চাইছিল। সেয়ে এই দুৰ্ঘটনা সংঘটিত হয়।

২৯ অক্টোবৰৰ সন্ধিয়া প্ৰায় ৭ বজাত হাওৰা-চেন্নাই লাইনত ৰায়গড় পেচেঞ্জাৰ ৰে'লখনে খুন্দা মাৰিছিল বিশাখাপত্তনম পালছা ৰে'লখনক। শনিবাৰে এই দুৰ্ঘটনাৰ কথা উল্লেখ কৰি পি টি আইৰ এক অনুষ্ঠানত ৰে'ল মন্ত্ৰীগৰাকীয়ে পুনৰ যাতে তেনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে আধুনিক প্ৰযুক্তিৰ ব্যৱস্থা কৰিছে বুলিও কয়।

এনে প্ৰযুক্তিয়ে এতিয়াৰে পৰা চালক, সহ-চালকক মন সংযোগ বিচিন্ন হ'বলৈ নিদিব। যদি চালক, সহ-চালকৰ মন সংযোগ বিচিন্ন হয় বা আন কাৰ্যত নজৰ দিয়ে তেন্তে প্ৰযুক্তিয়ে তেওঁলোকক সংকেট প্ৰদান কৰিব।

স্মৰ্তব্য, বিগত বছৰৰ শেষৰফালে সংঘটিত হোৱা এই দুৰ্ঘটনাৰ তদন্ত কৰিছিল চি আৰ এছে। কমিচনাৰ্ছ অফ ৰে'লৱে ছেফ্টিৰ এই তদন্তৰ প্ৰতিবেদন অৱশ্যে এতিয়াও সম্পূৰ্ণকৈ পোহৰলৈ অহা নাই। অৱশ্যে প্ৰাথমিক তদন্তত চালকৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ কৰা হৈছিল।