পঞ্জাৱ দে নেতা অমৃত পাল সিং
পঞ্জাৱ দে নেতা অমৃত পাল সিং 
ৰাষ্ট্ৰীয়

আত্মসমৰ্পন কৰিব অমৃত পাল সিঙে!

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ১০ দিনতকৈ অধিক দিনে আৰক্ষীৰ পৰা পলায়ন কৰি আছে ৱাৰিছ পঞ্জাৱ দে নেতা অমৃত পাল সিং । পঞ্জাৱ আৰক্ষীয়ে খালিস্তানী নেতাজনক বিচাৰি চলাথ কৰি ফুৰিছে । ইতিমধ্যেই ১০০তকৈও অধিক খালিস্তানী সমৰ্থকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

আৰক্ষীয়ে বিভিন্ন স্থানত নেতাগৰাকীক বিছাৰি অভিযান অব্যাহত ৰাখিছে । মঙলবাৰে নিশাও আৰক্ষীয়ে নেতাগৰাকীক বিছাৰি অভিযান চলাইছিল । আৰক্ষীৰ সূত্ৰই জনোৱা শেহতীয়া তথ্য অনুসৰি অমৃত পাল সিঙে আত্মসমৰ্পন কৰিবৰ বাবে পঞ্জাৱলৈ ঘূৰি আহিছে । যোৱা নিশা চলোৱা অভিযানত আৰক্ষীয়ে হোচিয়াৰপুৰ আৰু চুবুৰীয়া গাওঁসমূহত অমৃত পাল আৰু তেওঁৰ সহযোগীসকলক ধৰিবলৈ ঘৰে ঘৰে এক বৃহৎ তালাচী অভিযান চলাই ।

অভিযানৰ সময়ত গাওঁ সমূহৰ আশে পাশে কটকটীয়া নিৰাপত্তা বেষ্টনী তৈয়াৰ কৰি তুলিছিল । সন্দেহজনক অচিনাক্ত লোকসকলক ধৰিবলৈ ৰাস্তাত অস্থায়ী চেকপোষ্ট তৈয়াৰ কৰিছিল । অমৃতপাল সিঙে হোচিয়াৰপুৰৰ মাৰিয়ান গাঁৱৰ গুৰুদ্বাৰাত এখন ইনোভা গাড়ী থৈ সেই স্থানৰ পৰা পলাই গৈছিল । আৰক্ষীয়ে পিছত গাড়ীখন উদ্ধাৰ কৰিছিল।

মঙলবাৰে, অমৃতপাল সিঙৰ তেওঁৰ মুখ্য সহায়ক পাপলপ্ৰীত সিঙৰ সৈতে এটা নতুন ভিডিঅ' ছচিয়েল মিডিয়াত প্ৰকাশ পাইছে । য'ত স্ব-ঘোষিত নেতাগৰাকীক পাগুৰি নোহোৱা আৰু মুখা পিন্ধি থকা দেখিবলৈ পোৱা গৈছে । বিশেষ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি খালিস্তানী নেতাগৰাকীয়ে আত্মসমৰ্পনৰ পূৰ্বে আন্তজাৰ্তিক সংবাদ সংস্থাক সাক্ষাৎকাৰ দিয়াৰ পৰিকল্পনা কৰিছে ।

উল্লেখ্য যে নেতাগৰাকীয়ে পঞ্জাৱৰ আজনালা থানাৰ পৰা সমৰ্থীত সদস্যৰ সৈতে অস্ত্ৰ শস্ত্ৰ লৈ থানাখনত প্ৰবেশ কৰি এজন সতীৰ্থক লৈ যায় । তেতিয়াৰে পৰা পঞ্জাৱ আৰক্ষীৰ তালাচত আছে অমৃত পাল সিং ।