ৰাষ্ট্ৰীয়

আই এছ আইৰে সম্পৰ্কলৈ কিদৰে আহিছিল অমৃত পাল সিং?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিগত কিছুদিন ধৰি অগ্নিগৰ্ভা হৈ আছে পঞ্জাৱ । শ শ অৰ্ধ সামৰিক বাহিনী অমৃত পাল সিঙক বিছাৰি ঘূৰি আছে ৰাজ্যখনত। যাৰ ফলত ৰাজ্যখনত কৰ্তন কৰা হৈছে ইন্টাৰনেটৰ লগতে এছ এম এছ সেৱা ।

কেন্দ্ৰই অমৃতপাল সিঙৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (এনএছএ) অধীনত অভিযোগ প্ৰস্তুত কৰিছে । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এনআইএ) নেতাগৰাকীৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত প্ৰদান কৰিছে ।

শেহতীয়া খবৰ অনুসৰি ডুবাইত ট্ৰাক চালকৰ কাম কৰিছিল অমৃত পাল সিঙে । সেই সময়তে আই এছ আইৰে সংযোগ হৈছিল নেতাগৰাকীৰ । তেতিয়াই সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে অমৃত পালে সম্পৰ্কলৈ অহাৰ খবৰ এক সূত্ৰত প্ৰকাশ পাইছে । ইয়াৰোপৰি তেতিয়াই আইএছআইয়ে তেওঁক পঞ্জাৱলৈ যাবলৈ আৰু ৰাজ্যৰখনত ধৰ্মৰ নামত যুৱক-যুৱতীসকলক উচতনি দিবলৈ নিৰ্দশ প্ৰদান কৰিছিল।

অমিত পাল সিঙে ডুবাইৰ পৰা পঞ্জাৱলৈ অহাৰে পৰা সীমান্তত ড্ৰাগছ সৰবৰাহ ঘটনা বৃদ্ধি পোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । আৰক্ষী সূত্ৰই কয় যে তেওঁলোকে পাকিস্তানৰ পৰা ভাৰতলৈ ড্ৰাগছ অনাত খালিস্তানী নেতাগৰাকীৰ জড়িত আছে নে নাই সেই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

উল্লেখ্য যে ৱাৰিছ পঞ্জাৱ দেৰ নেতা অমৃতপাল সিঙে সংগঠনটোৰ সদস্যৰ সৈতে এখন থানাৰ পৰা অস্ত্ৰ-শস্ত্ৰ লৈ এজন সদস্যক উলিয়াই লৈ গৈছিল । তেতিয়াৰে পৰা পঞ্জাৱ আৰক্ষীক ধূলি দি পলায়ন কৰি আছে অমৃতপালে । এইলৈ বৰ্তমানে অশান্তি বিয়পি পৰিছে ৰাজ্যখনত ।