ৰাষ্ট্ৰীয়

পুনৰ কংগ্ৰেছলৈ শচীন পাইলট! ৰাহুল গান্ধীক সাক্ষাতৰ বাবে বিচাৰিছে সময়…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ অশোক গেহলট চৰকাৰ ওপৰত সংকট দেখা দিয়াৰ সময়তে খবৰ প্ৰকাশ পাইছে যে, কিছুদিনৰ পূৰ্বে বিসম্বাদেৰে উপমুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰা শচীন পাইলটে ৰাহুল গান্ধীক সাক্ষাতৰ বাবে সময় বিচাৰিছে। বিসম্বাদী বিধায়ক সকলৰ সৈতে শচীন পাইলটে ৰাহুল গান্ধীক লগ ধৰি কিছু আলোচনা কৰিব বিচাৰিছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।

ৰাহুল গান্ধীৰ কাৰ্যালয়ে সদৰি কৰা অনুসৰি, ৰাহুল গান্ধীয়ে বৰ্তমান পৰ্যন্ত কোনো লোকক লগ ধৰাৰ বাবে সময় আৰু তাৰিখ ঠিক কৰা নাই। কিন্তু শচীন পাইলট কংগ্ৰেছৰ মহাসচিব কে চি বেণুগোপালৰ সম্পৰ্কত আছে আৰু ১৪ আগষ্টৰ পূৰ্বে তেওঁ ৰাহুল গান্ধীক সাক্ষাতৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ৰাষ্ট্ৰীয় কেইবাটাও সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে।