ৰাষ্ট্ৰীয়

গণতন্ত্ৰ দিৱসৰ প্ৰাক ক্ষণত সন্ত্ৰাসবাদী সংগঠনৰ লগত জড়িত ২ জনক গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক: গণতন্ত্ৰ দিৱসৰ পূৰ্বে সষ্টম হৈ উঠিছে নিৰাপত্তাৰক্ষী। গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত দিল্লী আৰক্ষীয়ে কানাডাস্থিত সন্ত্ৰাসবাদী লখবীৰ সিং লাণ্ডাৰ দুজন সহযোগীক পঞ্জাৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

দুয়োজনকে পঞ্জাৱৰ গুৰদাপুৰৰ বাসিন্দা ৰাজেন ভাট্টি আৰু পঞ্জাৱৰ ফিৰোজেপুৰৰ বাসিন্দা কানৱালজিৎ সিং চিনাক্ত কৰা হৈছে। খালিস্তানী সন্ত্ৰাসবাদী-গেংষ্টাৰৰ বিৰুদ্ধে চলি থকা অভিযানত আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

উল্লেখ্য যে, ভাট্টিৰ বিৰুদ্ধে কেইবাখনো আৰক্ষী থানাত কেইবাটাও গোচৰ ৰুজু হৈ আছিল। তেতিয়াৰ পৰাই আৰক্ষীয়ে তেওঁৰ সন্ধানত আছিল। ভাট্টিৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত কৰা কাণ্ডত জড়িত থকাৰো অভিযোগ আছে।

আৰু পঢ়ক: আলফা(স্বা) ৰ নেতৃত্বৰ সৈতে যোগাযোগত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব...