ৰাষ্ট্ৰীয়

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ বিজেপি নেতাই ক’লে : সংগঠনৰ নেতাতকৈ মোদীয়ে কৃষকৰ কথা বেছি চিন্তা কৰে

asomiyapratidin

ডিজিটেল ডেস্ক : মঙলবাৰে পাঞ্জাৱৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতা সকলে প্ৰধান মন্ত্ৰী মোদীক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাৰ পিছত নেতাসকলে কয় যে প্ৰধান মন্ত্ৰী কৃষক সংগঠনৰ নেতাতকৈ কৃষকৰ বিষয়ে অধিক চিন্তা কৰে, আৰু তেওঁলোকে দাবী কৰে যে প্ৰধান মন্ত্ৰী মোদীয়ে তিনি নতুন কৃষি আইনৰ বিৰুদ্ধে চলি থকা কৃষক আন্দোলনৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত আৰু বিষয়টো শীঘ্ৰে সমাধান কৰা হ'ব।

কৃষকৰ আন্দোলন চলি থকা সময়তে পঞ্জাৱৰ বিজেপি নেতা আৰু পূৰ্বৰ মন্ত্ৰী সুৰজিৎ কুমাৰ সিনানি আৰু হৰজিৎ সিং গ্ৰেৱালে প্ৰধান মন্ত্ৰী মোদীক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি পঞ্জাৱৰ কৃষকৰ সৈতে তিনিটা কৃষি বিলৰ বিষয়ে আলোচনা কৰিছিল । আনকি ২০২০ বৰ্ষত তিনি কৃষি আইন সন্দৰ্ভত পঞ্জাৱৰ কৃষকৰ সৈতে চৰ্চা কৰিবলৈ বিজেপিয়ে কৃষক সমন্বয় সমিতিক অধ্যক্ষৰ দায়িত্ব অৰ্পন কৰিছিল ।