ৰাষ্ট্ৰীয়

ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ হৈছে।১৪ জুনৰ বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু আৰু ড্ৰাগছ সম্পৰ্কীয় গোচৰত গ্ৰেপ্তাৰ হৈছিল চৌভিক।বুধবাৰে বিশেষ এনডিপিএচৰ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰিছে।

উল্লেখ্য যে ৰিয়া চক্ৰৱৰ্তী আৰু চৌভিক চক্ৰৱৰ্তীক অভিনেতা সুশান্ত সিং ৰাজপুটৰ লগত সম্পৰ্কীয় ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। ৪ চেপ্তেম্বৰৰ পৰাই জেইলত আছিল চৌভিক। অন্যহাতে ৭ অক্টোৱৰত বোম্বে উচ্চ ন্যায়ালয়ে ৰিয়া চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ কৰিছিল।