শ্ৰদ্ধা ৱাকাৰ
শ্ৰদ্ধা ৱাকাৰ 
ৰাষ্ট্ৰীয়

'লিভ ইন'ৰ ভয়ংকৰ পৰিণতিঃ শ্ৰদ্ধাৰ দেহ ৩৫ টুকুৰা কৰি কাটি বিভিন্ন স্থানত পেলাই দিলে আফতাবে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ 'লিভ ইন'- বৰ্তমানৰ সময়ৰ বহুল প্ৰচলিত এটা শব্দ। লিভ ইনৰ ধাৰণা বিদেশত বহু পুৰণি যদিও ভাৰতত বৰ বেছি পুৰণি নহয়। অসমতো এই ধাৰণাই লাহে লাহে যুৱ প্ৰজন্মৰ মাজত শিপাবলৈ আৰম্ভ কৰিছে।

এনে লিভ ইন সম্পৰ্কৰ শেষ পৰিণতি বৰ সন্তুোষজনক নহয়। তাৰেই প্ৰমাণ দিল্লীত সংঘটিত হোৱা এক ভয়াবহ হত্যাকাণ্ড। প্ৰায় ৫ মাহ পূৰ্বে সংঘটিত হোৱা এই হত্যাকাণ্ডই এতিয়া দেশ জুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আফতাব আমিন নামৰ যুৱকজনক তেওঁৰ ২৬ বৰ্ষীয় লিভ-ইন সংগী শ্ৰদ্ধা ৱাকাৰক হত্যা কৰি মৃতদেহ লুকুৱাই ৰখাত অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পিছতে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই ভয়ংকৰ হত্যাকাণ্ডৰ সকলো তথ্য।

৫ মাহ পূৰ্বে আফতাবে তেওঁৰ লিভ ইন সংগী শ্ৰদ্ধাক হত্যা কৰিছিল। ইয়াৰ পিছত শ্ৰদ্ধাৰ মৃতদেহক ৩৫ টুকুৰাকৈ কাটি দিল্লীৰ বিভিন্ন অঞ্চলত সেই মৃতদেহৰ টুকুৰাবোৰ পেলাই দিছিল। শ্ৰদ্ধাৰ শৰীৰ টুকুৰাবোৰ সম্পূৰ্ণকৈ পেলাবলৈ আফতাবক সময় লাগিছিল মুঠ ১৮ দিন।

এই ১৮ দিন আফতাবে শ্ৰদ্ধাৰ টুকুৰা টকুৰ দেহৰ অংশবোৰ ৰাখিবলৈ এটা প্ৰকাণ্ড ফ্ৰীজো ক্ৰয় কৰি আনিছিল। বিগত ৫ মাহে শ্ৰদ্ধাৰ কোনো খবৰ নোপোৱাত যোৱা ৮ নৱেম্বৰত শ্ৰদ্ধাৰ পিতৃ ৫৯ বছৰীয়া বিকাশ মদন ৱাকাৰে দিল্লীৰ মেহৰৌলি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ পিছতে এই সমগ্ৰ ঘটনা পোহৰৈ আহিছে।

শ্ৰদ্ধাৰ পিতৃয়ে প্ৰকাশ কৰা অনুসৰি শ্ৰদ্ধাই প্ৰথমে মুম্বাইৰ এটা বহুজাতিক কোম্পানীৰ কল চেণ্টাৰত কাম কৰিছিল। সেই সময়তেই শ্ৰদ্ধাই আফতাব আমিনক লগ পাইছিল। তাৰ পিছত ক্ৰমান্বয়ে তেওঁলোকৰ মাজত বন্ধুত্ব গঢ় লৈ উঠে আৰু সেই বন্ধুত্বৰ সম্পৰ্ক প্ৰেমৰ সম্পৰ্কলৈ ৰূপান্তৰ হয়।

শ্ৰদ্ধা আৰু আফতাবৰ এই প্ৰেমৰ সম্পৰ্কৰ কথা শ্ৰদ্ধাৰ ঘৰত জানিব পাৰি তেওঁলোকে এই সম্পৰ্কক কোনো কাৰণতে মানি নলয় বুলি কোৱাত শ্ৰদ্ধা আু আফতাবে মুম্বাই ত্যাগ কৰে। মুম্বাই ত্যাগ কৰি দিল্লীলৈ আহি দুয়োৱে মেহৰৌলিৰ ছত্ৰপুৰ অঞ্চলত একেলগে বাস কৰিবলৈ আৰম্ভ কৰে।

ইফালে হত্যাকাৰী আফতাবে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে শ্ৰদ্ধাই আফতাবক প্ৰায়েই বিয়া পাতিবলৈ কৈ আহিছিল। এই প্ৰসংগত আলোচনা হ'লেই দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল।

এনে কাজিয়াৰ ফলতেই যোৱা ১৮ মে'ত আফতাবে শ্ৰদ্ধাক শ্বাসৰুদ্ধ কৰি হত্যা কৰে। ইয়াৰ পিছত শ্ৰদ্ধাৰ দেহটো কাটি ৩৫ টুকুৰাত বিভক্ত কৰে। সেই আটাইবোৰ দেহৰ টুকুৰা এটা নতুন ফ্ৰীজত ৰাখে। আৰু প্ৰতিদিনেই সেই টুকুৰাবোৰ দিল্লীৰ বিভিন্ন স্থানত পেলাই যায়। এইদৰে ১৮ দিন পৰ্যন্ত শ্ৰদ্ধাৰ দেহৰ টুকুৰা দিল্লীৰ বিভিন্ন স্থানত পেলাই দিলে হত্যা কাৰী আফতাবে।