কাৰাবন্দী দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক চিকিৎসালয়ত ভৰ্তি...
কাৰাবন্দী দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক চিকিৎসালয়ত ভৰ্তি... 
ৰাষ্ট্ৰীয়

Satyendar Jain: কাৰাবন্দী দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীক চিকিৎসালয়ত ভৰ্তি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ তিহাৰ কাৰাগাৰ (Tihar Jail)ৰ শৌচাগাৰত পৰি আঘাতপ্ৰাপ্ত হোৱা দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন (Satyendar Jain)ক অক্সিজেন চাপ'ৰ্টত চিকিৎসা প্ৰদান কৰি আছে। এক বিবৃতিত আম আদমী পাৰ্টি(AAP)ৰ ফালৰ পৰা কোৱা হৈছে যে, সত্যেন্দ্ৰ জৈনে তেওঁৰ মেৰুদণ্ডত গুৰুতৰ আঘাত পাইছে। তেওঁক দীনদয়াল হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

তিহাৰ কাৰাগাৰৰ মহাপৰিচালকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে নিশা কাৰাগাৰৰ হাস্পতালৰ ৭ নম্বৰ কক্ষৰ শৌচাগাৰত মূৰ ঘুৰাই পৰি যায়। তেওঁৰ শাৰীৰিক দুৰ্বলতাৰ বাবে নিশা হাস্পতাললৈ লৈ অহা হৈছিল।

তেতিয়াই এই দুৰ্ঘটনা সংঘটিত হয়। উল্লেখ্য যে বিগত বছৰৰ ৩০ মেত দিল্লী চৰকাৰৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক ই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল।

সেই সময়তেই অৱশ্যে তেওঁ তেওঁৰ শাৰীৰিক অসুস্থতাৰ কথা উল্লেখ কৰিছিল। ইফালে যোৱা ১৫ মেত উচ্চতম ন্যায়ালয়(Supreme Court Of India) ত জামিন আৱেদন কৰিছিল সত্যেন্দ্ৰ জৈনে। ন্যায়ালয়ে তেওঁৰ আৱেদন খাৰিজ কৰিছে।