ৰাষ্ট্ৰীয়

অপৰূপ সৌন্দৰ্যৰ আকৰ প্যাগডা ফুল

Asomiya Pratidin

ডিজিটেল ডেস্কঃ "সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰী মাতে সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে"। ফুলক লৈ সৃষ্টি হয় গীত-কবিতা অথবা ফুলক লৈ সৃষ্টি হয় সাহিত্য। সমগ্ৰ বিশ্বতে আছে বিভিন্ন প্ৰজাতিৰ ফুল।

সেই অনুপাতে বাৰেৰহণীয়া ফুলৰ প্ৰতি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰে আছে আদৰ। ভগৱান শ্ৰীকৃষ্ণয়ো ফুলৰ প্ৰেমত পৰি পত্নী ৰুক্মিণীৰ বাবে স্বৰ্গৰাজ ইন্দ্ৰৰ দেশৰ পৰা অনাইছিল পাৰিজাত ফুল।

উপাসনাস্থলী নাইবা প্ৰেমৰ বাবেও ফুলৰ উপস্থিতি নিত্যান্তই প্ৰয়োজনীয়। বিশ্বৰ প্ৰায় সংখ্যক প্ৰজাতিৰ ফুলেই প্ৰতি বছৰে কোনো নিৰ্দিষ্ট ঋতু অথবা সময় অনুসৰি ফুলে। অৱশ্যে তাৰ মাজতে বাৰমাহে ফুলা ফুল নথকাও নহয়।

কিন্তু শতাধিক বছৰৰ অন্তত ফুলা ফুল এই ব্ৰহ্মাণ্ডতেই বিৰল। তেনে এবিধ ফুল হৈছে প্যাগডা ফুল। অসমীয়া ভাষাত অৱশ্যে সম্পূৰ্ণ শুদ্ধৰূপত ইয়াৰ নাম পোৱা নাযায়।

ইয়াৰ আকৌ বৈজ্ঞানিক নাম হৈছে Styphnolobium Japonicum। এইবিধ ফুল কিছুদিন পূৰ্বে ফুলি উঠিছে তিব্বতৰ হিমায়লৰ পাদদেশত। এই ফুলবিধৰ আচৰিত বিশেষত্বটো হৈছে ই প্ৰায় ৪০০ বছৰৰ অন্তত ফুলি উঠিছে।

হিমালয়ত অৱস্থিত সেউজীয়া পাতৰ এইবিধ গছৰ ফুলৰ বৰণ বগা। বিভিন্ন উৎসৰ জৰিয়তে পোৱা তথ্য অনুসৰি প্যাগডা ফুল প্ৰতি ৪০০ বছৰৰ মূৰে মূৰে হে ফুলি উঠে। তিব্বতত এই ফুলবিধক শুভ ফুল হিচাপে গণ্য কৰা হয়।

সাধাৰণতে ই এবিধ পৰ্ণপাতী উদ্ভিদ। আনহাতে ইয়াৰ উচ্চতা প্ৰায় ৫০ৰ পৰা ৭৫ফুট। ইয়াৰ ফুলবোৰৰ দীঘ প্ৰায় ১২ ইঞ্চি। উল্লেখ্য যে, প্যাগডা ফুলৰ এটা প্ৰজাতি জাপানতো উপলব্ধ। জাপানত পোৱা প্যাগডাৰ নাম হৈছে চফোৰা জেপোনিকা।

পাহাৰৰ মাজৰ শিলৰ হেলনীয়া অংশত চফোৰা জেপোনিকাৰ অৱস্থিতি। সাধাৰণতে জাপানৰ বৌদ্ধ মঠসমূহত প্ৰায়েই দেখা পোৱা যায়। যদিও জাপানত প্যাগডা ফুলৰ গছ পোৱা যায়,তিব্বতৰ প্যাগডাৰ গা-গছ নাইবা ডাল-পাত আদিৰ মাজত ভালেখিনি বৈসাদৃশ্য দেখা যায়। মুঠৰ ওপৰত যিয়েই নহওঁক বসন্ত কালত প্ৰকৃতিৰ এই অনুপম সৃষ্টি সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।