পুৱাই টাইৱানত ৭.৪ প্ৰাবল্যৰ ভূমিকম্পঃ একাধিৰ ৰাষ্ট্ৰত চুনামিৰ সতৰ্কতা জাৰি...
পুৱাই টাইৱানত ৭.৪ প্ৰাবল্যৰ ভূমিকম্পঃ একাধিৰ ৰাষ্ট্ৰত চুনামিৰ সতৰ্কতা জাৰি... 
ৰাষ্ট্ৰীয়

পুৱাই টাইৱানত ৭.৪ প্ৰাবল্যৰ ভূমিকম্পঃ একাধিৰ ৰাষ্ট্ৰত চুনামিৰ সতৰ্কতা জাৰি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বুধবাৰে পুৱাই কপি উঠিল পূৱ এছিয়াৰ ক্ষুদ্ৰ ৰাষ্ট্ৰ টাইৱান। ৭.৪ প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰি গ'ল টাইৱান। ফলত টাইৱানৰ একাধিক অঞ্চলত বিস্তৰ ক্ষতিৰ খবৰ পোৱা গৈছে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে বিভিন্ন ভিডিঅ'।

ভিডিঅ' সমূহত দেখা গৈছে টাইৱানৰ বহু অট্টালিকা হালি পৰিছে। কিমান লোক হতাহতি হৈছে সেই বিষয়ে এতিয়াও কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই। কিন্তু পৰিস্থিতিলৈ লক্ষ্য ৰাখি বহু লোক হতাহতি হোৱাৰ অনুমান কৰা হৈছে।

ইফালে এই ভূমিকম্পৰ পাছতে জাপানে চুনামিৰ সতৰ্কতা জাৰি কৰিছে। ইউনাইটেড ষ্টেটছ জিঅ'লজিকেল ছাৰ্ভেৰ মতে টাইৱানৰ স্থানীয় সময় অনুসৰি পুৱা ৮ বজাত আহে এই ভূমিকম্প। ভূমিকম্পৰ উৎপত্তিস্থল টাইৱানৰ দক্ষিণ হুৱালিয়েন চিটিৰ পৰা ১৮ কিলোমিটাৰ দূৰৰ ভূগৰ্ভৰ ৩৪.৮ কিলোমিটাৰ গভীৰত।

এই ভূমিকম্পৰ ফলত সৰ্বাধিক ক্ষতি হৈছে টাইৱানৰ চহৰ অঞ্চলসমূহত। স্থানীয় সংবাদ সংস্থাৰ খবৰ মতে বহু ওখ ওখ অট্টালিকা হালি পৰিছে। টাইৱানৰ লোকসকলে ইতিমধ্যে সেই দৃশ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

ভূমিকম্পৰ ফলত জাপানৰ দক্ষিণৰ দ্বীপসমূহত চুনামিৰ সতৰ্কতা জাৰি কৰিছে। সমুদ্ৰপৃষ্ঠৰ পৰা তিনি মিটাৰ উচ্চতালৈ পানী উঠিব পাৰে বুলি জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে। তাৰ মাজতে বহু কেইটা দ্বীপৰ বাসিন্দাক সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

প্ৰশাসনৰ ফালৰ পৰা উদ্ধাৰকাৰী নিয়োগ কৰা হৈছে। চুনামিৰ সতৰ্কতা জাৰি কৰাৰ বাবেই একাধিক বিমান বন্দৰত বিমান উৰণ বন্ধ কৰা হৈছে। জাপানৰ দৰেই ফিলিপাইনছতো চুনামিৰ সতৰ্কতা জাৰি কৰা হৈছে।

উল্লেখ্য যে, প্ৰায় ২৫ বছৰ পাছত টাইৱানত এনে ধৰণৰ ভূমিকম্প আহিছে। ইয়াৰ পূৰ্বে ১৯৯৯ চনৰ ছেপ্টেম্বৰ মাহত টাইৱানত ভূমিকম্পৰ ফলত মৃত্যু হৈছিল ২,৪০০ গৰাকী লোক। সেইবাৰ ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৬।