ৰাষ্ট্ৰীয়

পশ্চিমবংগত ৭২জনৰ প্ৰাণ কাঢ়িলে আমফানে, ক্ষতিগ্ৰস্ত ১ লাখ কোটি টকাৰ সম্পত্তি…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংকটৰ মাজতে তাণ্ডৱ চলালে আমফান ঘূৰ্ণীবতাহে। এই ঘূৰ্ণীবতাহে পশ্চিমবংগত ৭২জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়ে। লগতে কেইবা সহস্ৰাধিক বাসগৃহ ক্ষতিগ্ৰস্ত হয় ৰাজ্যখনৰ। বিভিন্ন বাট-পথৰ লগতে বিমানবন্দৰসমূহতো পানী জমা হয় আমফানৰ ফলত।

ইফালে, বৃহস্পতিবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়- আমফান ঘূৰ্ণীবতাহৰ প্ৰভাৱ কোৰোনা ভাইৰাছতকৈও অধিক বেয়াকৈ পৰিছে। ৰাজ্যখনত প্ৰায় ১ লাখ কোটি টকাৰ সম্পত্তিও নষ্ট হৈছে এই ঘূৰ্ণীবতাহৰ ফলত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোডীক পশ্চিমবংগলৈ আহি এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰা এলেকাসমূহ পৰ্যবেক্ষণ কৰাৰ বাবে অনুৰোধ জনাইছো।