ৰাষ্ট্ৰীয়

দেশৰ শ শ খন থানাত নাই টেলিফোনৰ সংযোগ, ৬৩ খন থানাত নাই বাহন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অপৰাধ ৰোধৰ ক্ষেত্ৰত প্ৰতিখন দেশতেই আৰক্ষীয়ে বিশেষ ভূমিকা পালন কৰি আহিছে ৷ সেয়া প্ৰতিখন দেশৰ প্ৰগতিকামী জনতাই একেমুখে স্বীকাৰ কৰিব ৷ সেয়ে বিশ্বৰ প্ৰতিখন দেশৰে আছে এটাকৈ শক্তিশালী প্ৰশাসন বিভাগ৷ ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়৷

 পিছে দেশৰ প্ৰশাসনৰ লগত জড়িত আৰক্ষী বিভাগটোৰ শেহতীয়াকৈ প্ৰকাশ পাইছে এক উদ্বেগজনক তথ্য৷ মঙলবাৰে লোকসভাত প্ৰকাশ পোৱা তথ্য অনুসৰি দেশৰ মুঠ ১৭৫৩৫ খন থানাৰ ৬২৮ খনত নাই টেলিফোন সংযোগ ৷  এনেকৈ চলি আছে শ শ থানা ৷

দেশৰ ৬৩ খন থানাত বাহন অবিহনে চলি আছে কাম-কাজ ৷ ২৮৫ থানাত নাই মোৱাইল ফোন বা ৱায়াৰলেছ চেট ৷

 উল্লেখ্য যে এনে চাঞ্চল্যকৰ তথ্য প্ৰকাশ পোৱাৰ পিছতেই বহু প্ৰশ্ন উত্থাপন হৈছে। যদি প্ৰশাসন বিভাগৰেই এই অৱস্থা বা আৰক্ষী থানাৰেই উচিত বিকাশ কৰিব পৰা নাই তেন্তে জনতাই কি আশা কৰিব। আৰক্ষীৰ লগত জড়িত হৈ থাকে এজন সমাজৰ নিৰাপত্তাৰ দিশটো। গতিকে এখন আৰক্ষী থানা উন্নত হোৱাত একান্তই প্ৰয়োজন। পৰৱৰ্তী সময়ত ইয়াৰ আন্ত গাঠনি বা আন সমস্যা সমূহৰ বিষয়ে চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।