চিতা
চিতা 
ৰাষ্ট্ৰীয়

প্ৰাণ গ'ল 'দক্ষা'ৰঃ ৪০ দিনৰ ভিতৰত তৃতীয়টো চিতাৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মঙলবাৰে আন এটা চিতাৰ মৃত্যু হয়। আজি এটা নিৰীক্ষণ দলে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰিছিল 'দক্ষা' নামৰ মাইকী চিতাটোক। তাৰ পাছতেই মৃত্যু হয় চিতাটোৰ। প্ৰায় ৪০ দিনৰ ভিতৰত উদ্যানখনত মৃত্যু হোৱা তৃতীয় চিতা।

চিতাটোক চিকিৎসা প্ৰদান কৰা হৈছিল যদিও দিনৰ প্ৰায় ১২ মান বজাত মৃত্যু হৈছিল।মধ্য প্ৰদেশৰ মুখ্য বন সংৰক্ষক জে এছ চৌহানে কয় যে প্ৰাপ্তবয়স্ক দুটা চিতা - বায়ু আৰু অগ্নিৰ লগত যুদ্ধ লগাৰ ফলত চিতাটো আঘাতপ্ৰাপ্ত হ'ব পাৰে।

'দক্ষা'ক এক নম্বৰ বেষ্টনীত মুকলি কৰি দিয়া হৈছিল আৰু বায়ু আৰু অগ্নি নামৰ দুটা মতা চিতাক সঙ্গমৰ বাবে বেষ্টনীৰ পৰা মুকলি কৰা হৈছি। কিন্তু প্ৰক্ৰিয়াৰ সময়ত হয়তো চিতাটো হিংসাত্মক হৈ পৰে। উল্লেখ্য যে, আফ্ৰিকাৰ পৰা অনা চিতাৰ ইয়াৰ পূৰ্বেও মৃত্যু হৈছে।