ৰাষ্ট্ৰীয়

দুৰ্ঘটনাগ্ৰস্ত মিগ-২১ বিমান গৈ পৰিল ৰাজস্থানৰ বাসগৃহত, তিনিজনৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল ডেস্ক : দেশত এটাৰ পাছত আনটো মৃত্যুই এতিয়া হাত বাউলি দি মাতিছে দেশবাসীক । কাৰ কেতিয়া কিদৰে মৃত্যু ঘটিব পাৰে সেই কথা যেন বুজি পোৱা অসম্ভৱ হৈ পৰিছে । প্ৰথমে অসমৰেই বিজয় নগৰত পথ দুৰ্ঘটনা, কেৰালাত নাওঁ দুৰ্ঘটনাৰ পাছত এইবাৰ ৰাজস্থানত দুৰ্ঘটনাগ্ৰস্ত মিগ-২১ বিমান গৈ পৰিল বাসগৃহত ।

ৰাজস্থানৰ চুৰাটগড়ৰ বায়ুসেনাৰ চাউনিৰ পৰা নিয়মিত তহলৰ বাবে উলিয়াই অনা হৈছিল এখন মিগ-২১ বিমান । সেই সময়তেই বিমানখনত দেখা দিয়া এক গুৰুতৰ কাৰিকৰী বিসংগতিৰ বাবে বিমানখন চাউনীলৈ কোনো পধ্যেই উভতাই অনা সম্ভৱ হৈ উঠা নাছিল । যাৰ ফলতেই বিমানখনত থকা পাইলট গৰাকীয়ে আকাশমাৰ্গতেই বিমানখনৰ পৰা ওলাই আহিব লগীয়া হয় নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ ।

কিন্তু ইতিমধ্যে নিয়ন্ত্ৰণ হেৰুৱা বিমানখনে পাইলটৰ অবিহনে ৰাজস্থানৰে হনুমানগড় এলেকাৰ গাওঁ এখনত প্ৰৱেশ কৰি এটি বাসগৃহৰ ওপৰত পৰে । এই দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত হোৱাৰ ওপৰিও আন তিনিজন লোক গুৰুতৰ ভাৱে আহত হয় ।

দুৰ্ঘটনাৰ পাছতেই দুৰ্ঘটনাস্থলীলৈ বায়সেনাৰ হেলিকপ্টাৰ এখন উদ্ধাৰ অভিযানৰ বাবে পঠিওৱা হয় যদিও তাৰ আগতেই মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া লোক তিনিজনে ।

এই দুৰ্ঘটনাৰ পাছত এতিয়া প্ৰশ্ন উত্থাপন হৈছে পাইলট গৰাকীৰ কৰ্তব্যপৰায়ণতাৰ ওপৰতো । কিয়নো যিসকল লোকক পোন প্ৰথমেই দেশবাসীৰ প্ৰাণৰ মূল্যৰ শিক্ষা দিয়া হয় নিজৰ প্ৰাণ বিপন্ন কৰিও, তেনে এজন পাইলটে কিদৰে বিপদসংকুলভাৱে এইদৰে বিমানখন এৰি দিব পাৰে মাজ আকাশত ?