ৰাষ্ট্ৰীয়

মধ্য প্ৰদেশত বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে দুজনৰঃ গুৰুতৰভাৱে অসুস্থ ৪ জন

asomiyapratidin

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ গোৱালিয়ৰ জিলাৰ এখন গাঁৱত বিষাক্ত সুৰা সেৱন কৰি দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আৰু আন চাৰিজন লোক গুৰুতৰভাৱে অসুস্থ হয়। জানিব পৰা মতে, মধ্যপ্ৰদেশৰ মহাৰাজপুৰা আৰক্ষী থানাৰ অন্তৰ্গত চাণ্ডুপুৰা গাঁৱত এই ঘটনা সংঘটিত হয়।  

বুধবাৰে গাঁওখনৰে আন এজন লোকৰ সন্দেহজনকভাৱে মৃত্যু হোৱাৰ খবৰে অঞ্চলটিত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। নিশাৰ ভিতৰতে লোকজনক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত চিকিৎসকে বিষাক্ত সুৰা সেৱন কৰাৰ ফলত লোকজনৰ মৃত্যু হোৱা বুলি সদৰি কৰে।

জ্যেষ্ঠ আৰক্ষী বিষয়া এজনে সংবাদ মাধ্যমক জনোৱা অনুসৰি, বৃহস্পতিবাৰে নিশা মৃত্যু হোৱা লোক দুজনৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল এতিয়ালৈ অহা নাই। ফলাফল আহিলেহে নিশ্চিত হ'ব যে তেওঁলোকৰ আচলতে বিষাক্ত সুৰা সেৱন কৰাৰ ফলত মৃত্যু হৈছিল নে আন কিবা বেলেগ কাৰণত মৃত্যু হৈছিল। লগতে অসুস্থ হোৱা ৪ জন লোকৰে অৱস্থা সংকটজনক বুলি তেওঁ কয়।

চাণ্ডুপুৰা গাঁৱৰ আন এগৰাকী লোকৰ মতে, কেইজনমান যুৱকে দুদিন আগতে হোলী উপলক্ষে গাওঁখনলৈ সুৰা আনিছিল আৰু সেইদিনাই প্ৰদীপ অহিৱাৰ নামৰ লোকজনৰ মৃত্যু হৈছিল লগতে আন চাৰিজন লোকৰ সেই সুৰা পান কৰি অসুস্থ হৈ পৰিছিল।