ৰাষ্ট্ৰীয়

অবৈধভাৱে ভাৰতত প্ৰৱেশঃ গ্ৰেপ্তাৰ ২ চীনৰ নাগৰিক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুজনক। উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰ জিলাত এছএছবি জোৱানে ভাৰত-নেপাল সীমান্তৰ ওচৰৰ পৰা দুই চীনা নাগৰিকক গ্ৰেপ্তাৰ কৰে। দুয়ো অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল।

গ্ৰেপ্তাৰ কৰা দুজনৰ এজন পুৰুষ আৰু এগৰাকী মহিলা। ইতিমধ্যে তেওঁলোকক আদালতত হাজিৰ কৰোৱা হৈছে।

জানিব পৰা মতে ২৬ মাৰ্চত ইণ্ডো-নেপাল সীমান্তত এছএছবিৰ জোৱানে পেট্ৰলিং কৰি আছিল। তেতিয়াই দুয়োকে গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকৰ পৰা দুটা চাইনা পাছপোৰ্ট, ২খন নেপালী ভিছা, ২খন চাইনা চিমকাৰ্ড, ২খন নেপালৰ চীম কাৰ্ড. ২টা ফোন আৰু অন্য বহু সামগ্ৰী জব্দ হৈছে। আটক হোৱা দুই অভিযুক্তৰ নাম জৌ পুলিন আৰু য়ুৱান য়ুহান।

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। মোহনা আৰক্ষী থানাত ধাৰা ১৪ (এ) বিদেশী আইন-১৯৪৬ ৰ অধীনত এটা গোচৰ ৰুজু হৈছে আৰু আদালতত হাজিৰ কৰোৱা হৈছিল।