ৰাষ্ট্ৰীয়

ৰেলৰ মহিলা কম্পাৰ্টমেণ্টত প্ৰৱেশৰ অপৰাধত গ্ৰেপ্তাৰ ১৪০০ ভদ্ৰলোক

asomiyapratidin

ডিজিটেল ডেস্কঃ মহিলাৰ কম্পাৰ্টমেণ্টত যাত্ৰা কৰি চলিত বৰ্ষত ৰেল আৰক্ষীৰ জালত পৰিছে অতি কমেও ১৪০০ ভদ্ৰলোক। এক বিবৃতিযোগে এই তথ্য সদৰী কৰিছে উত্তৰ ৰেলৱেৰ এগৰাকী মুখপাত্ৰই। সময়ে সময়ে দেশৰ ভিন্ন প্ৰান্তত ৰেলৰ ডবাত সংঘটিত হৈ অহা নাৰীজনিত অপৰাধৰ বাতৰিৰ মাজতে ৰেল বিভাগে সদৰী কৰা এই তথ্যই স্বাভাৱিকতে উদ্বিগ্ন কৰি তুলিছে মহিলা যাত্ৰীসকলক।

২০১৮ বৰ্ষটোক ৰেল মন্ত্ৰণালয়ে মহিলা আৰু শিশু সুৰক্ষাৰ বৰ্ষ হিচাপে ঘোষণা কৰাৰ সময়তে পোহৰলৈ অহা এই তথ্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ কেবাটাও নাৰী সুৰক্ষাৰ সৈতে জড়িত সংগঠনৰ নেতৃত্বই। এনে সংগঠনসমূহে চৰকাৰক ৰেলসমূহত নাৰীৰ সুৰক্ষাৰ দিশটোক লৈ কোনো আপোচ নকৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

উল্লেখ্য যে, উত্তৰ ৰেলৱেৰ অধীনত থকা ৰেল পথছোৱাত চলা ৰেলসমূহৰ পৰা চলিত বৰ্ষত বিভিন্ন অপৰাধৰ বাবে ৰেল আৰক্ষীয়ে এই পৰ্যন্ত ৬১,২১১ গৰাকী লোকক আটক কৰিবলৈ সমৰ্থ হৈছে। এই সময়ছোৱাত এই পথছোৱাত চলা ৰেলত আইন ভংগকাৰী যাত্ৰীসমূহৰ পৰা আদায় কৰা জৰিমনাৰ পৰিমাণ হৈছে ১.৫ কোটি।