ৰাষ্ট্ৰীয়

মৰ্মান্তিক! বিজুলী-ঢেৰেকণি কাল হৈ আহিল বহুজনৰ বাবে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৰষুণ-ধুমুহাৰ ফলত ইতিমধ্যে বহুলোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ মাজতে বজ্ৰপাতৰ ফলত ১২ জনকৈ লোকৰ মৃত্যু হয় বৃহস্পতিবাৰে। পশ্চিম বংগৰ পৰা আহিছে এই খবৰ।

দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এজন বিষয়াই জনোৱা মতে ৰাজ্যনৰ বিভিন্ন স্থানত এই লোক কেইজনৰ মৃত্যু হয়। মৃত লোকসকলৰ ভিতৰত একাংশ খেতিয়ক। ইয়াৰে পূব বৰ্ধমান জিলাত চাৰিজন আৰু মুৰ্শিদাবাদ আৰু উত্তৰ-২৪ পৰগণাত দুজনকৈ লোকৰ মৃত্যু হৈছে। ইয়াৰোপৰি পশ্চিম মেদিনীপুৰ আৰু হাওৰা গ্ৰাম্যত তিনিজনকৈ লোকৰ মৃত্যু হৈছে।

কেৱল পশ্চিম বংগত নহয়, অসমতো বহু লোক ধুমুহা, বজ্ৰপাতৰ কবলত পৰি মৃত্যু মুখত পৰিছে।