অবৈজ্ঞানিক ভাৱে নিৰ্মিত আদানী প'ৰ্টৰ বিৰুদ্ধে ১৩০ দিনে অব্যাহত আছে প্ৰতিবাদ...
অবৈজ্ঞানিক ভাৱে নিৰ্মিত আদানী প'ৰ্টৰ বিৰুদ্ধে ১৩০ দিনে অব্যাহত আছে প্ৰতিবাদ... 
ৰাষ্ট্ৰীয়

অবৈজ্ঞানিক ভাৱে নিৰ্মিত আদানী প'ৰ্টৰ বিৰুদ্ধে ১৩০ দিনে অব্যাহত আছে প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আদানী চি প'ৰ্টৰ বিৰুদ্ধে বিগত ১৩০ দিনে অব্যাহত আছে প্ৰতিবাদ। কেৰালাত আদানীয়ে নিৰ্মাণ কৰি আছে ভজিঞ্জাম সাগৰবন্দৰ।

এই বন্দৰৰ বিৰোধিতা কৰিছে কেৰালাৰ মাছমৰীয়াসকলে। যাৰ বাবে সুদীৰ্ঘ ১৩০ টা দিন ধৰি তেওঁলোকে প্ৰতাবদ সাব্যস্ত কৰি আহিছে।

অৱশ্যে এই প্ৰতিবাদকৰীসকলে ৰাজ্য চৰাকৰৰ সৈতে হোৱা সফল আলোচনাৰ অন্তত আন্দোলন প্ৰত্যাহাৰ কৰিছে। ১৩০ দিনীয়া প্ৰতিবাদৰ অন্তত মাছমৰীয়াসকলে সাংবাদিকৰ আগত কয় যে, তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী সম্পূৰ্ণৰূপে বাতিল কৰা নাই যদিও স্থগিত ৰাখিছে।

কিয়নো ৰাজ্যচৰকাৰৰ প্ৰতিশ্ৰুতিত তেওঁলোক পতিয়ন গৈছে। অৱশ্যে প্ৰয়োজন সাপেক্ষে পুনৰ প্ৰতিবাদ আৰম্ভ হ'ব বুলিও তেওঁলোকে মন্তব্য কৰিছে। ইফালে মাছমৰীয়া সকলৰ এই প্ৰতিবাদে সময়ত হিংসাত্মক ৰূপ লোৱাৰ পিছত কেৰালাৰ বিভিন্ন ধৰ্মীয় গোটৰ নেতাসকলে অঞ্চলটোত শান্তি স্থাপনৰ প্ৰচেষ্টা চলাইছে।

উল্লেখ্য যে যোৱা ১৩০ দিনে মুলুৰৰ বহুমুখী সাগৰবন্দৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ বাহিৰত বহু সংখ্যক লোকে প্ৰতিবাদ কৰি আহিছে। তেওঁলোকে এই বন্দৰৰ নিৰ্মাণ কাৰ্য বন্ধ কৰা আৰু বহু কোটি টকাৰ প্ৰকল্পৰ সন্দৰ্ভত উপকূলীয় প্ৰভাৱ অধ্যয়ন কৰাকে ধৰি সাত দফা দাবীৰ চাৰ্টাৰৰ বাবে প্ৰতিবাদ কৰি আছিল।

প্ৰতিবাদকাৰীসকলৰ অভিযোগ আদানীয়ে নিৰ্মাণ কৰি থকা বন্দৰ বিজ্ঞানসন্মত নহয়। এই বন্দৰ কৃত্ৰিম সাগৰৰ দেৱাল আৰু বৰ্ধিত উপকূলীয় খহনীয়াৰ ই অন্যতম মুখ্য কাৰণ।