ৰাষ্ট্ৰীয়

এজনী ১৩ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ,৭ জনক গ্ৰেপ্তাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ এজনী ১৩ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰা ঘটনাই পুনৰ কঁপাই তুলিছে দেশ। ইতিমধ্য এই ঘটনাৰ লগত জড়িত ৬ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ঘটনাৰ লগত জড়িত এগৰাকী নাৱালক আৰু এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

মহাৰাষ্ট্ৰত সংঘটিত হৈছে এই ঘটনা।উল্লেখ্য যে, নাৱালিকাগৰাকীৰ পিতৃ-মাতৃ শনিবাৰে কাম কৰি ঘৰলৈ ঘূৰি আহি ঘৰত কন্যাক দেখিবলৈ নাপায় হুলস্থূল লগায়। কাষৰীয় থানাৰ আৰক্ষী বিষয়াই জনোৱা অনুসৰি, ঘটনাৰ অনুসন্ধান কৰি তেওঁলোকে ছোৱালীজনীক কাষৰ ঘৰৰ এখন ছাদত কান্দি থকা অৱস্থাত উদ্ধাৰ কৰে।

তেওঁ কয় যে, কান্দি থকাৰ কাৰণ সোধাত কিশোৰী জনীয়ে তাইৰ মাক-দেউতাকক ঘটনাৰ বিষয়ে জানিবলৈ দিয়ে।ইয়াৰ পিছতে ঘটনা সম্পৰ্কে মাক-দেউতাকে থানাত এখন এজাহাৰ দাখিল কৰিছে।