নিৰ্বাচন-২০১৯

অসমত তেওঁ নাচিছে ঠিকেই! পিছে ৬ ৰাজ্যতেই অদৃশ্য হিমন্ত বিশ্ব…

asomiyapratidin

♦ মৃদুল কুমাৰ সন্দিকৈ

এইবাৰ বিহু নিৰ্বাচনৰ বতাহৰ মাজেৰে আহিল। উজনিৰ গাঁৱত ভোটগ্ৰহণ অনুষ্ঠিত হৈ যোৱাৰ পাছত ৰাইজৰ মাজত বিহুতকৈ নিৰ্বাচন কথাহে বেছি চৰ্চা হৈছে। সকলোৰে মুখত এটাই কথা- আকৌ এবাৰ কাৰ চৰকাৰ? জিকিব নে তেজপুৰত পল্লৱ লোচন দাস? কোনোবাই যদি কৈছে- বিজেপিৰ ভাল হ'ব। আন কোনোবাৰ মতে- বৰ সহজ নহ'ব এইবাৰ বিজেপিৰ বাবে।

'কেব'ক লৈও ৰাইজৰ মাজত চলিছে আলোচনা। চৰকাৰত আহিলেই হিন্দু বাংলাদেশীক লৈ আহিব বুলি মুখে মুখে চলিছে চৰ্চা। তাৰ মাজতেই আন কিছু কথায়ো বিহুৰ বতৰত স্থান লাভ কৰিছে। আড্ডাত এই কথাবোৰ শুনি থাকিলে  বিহুতকৈ নিৰ্বাচনক লৈহে যে ৰাইজ এইবাৰ বেছি ব্যস্ত তাক বুজা যায়।

ডিব্ৰুগড়ত বিজেপিক বলে নোৱাৰে। আড্ডাতেই ওলাইছে এইবোৰ কথা। তেজপুৰত টান আছে বিজেপিৰ। ওলাই যাব পাৰে এম জি ভি কে ভানু। কলিয়াবৰত শেষ মুহূৰ্তত হাঁহি মাৰিব গৌৰৱ গগৈয়ে। যোৰহাটত ধৰা টান। তপন গগৈ জিকিব বুলি ভাবি থাকিলেও যুঁজখন কিন্তু কঠিন হ'ব। সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে জয়ী হোৱাতো সহজ নহ'ব মন্ত্ৰী তপন গগৈৰ। লখিমপুৰত প্ৰদান বৰুৱাই আগত।

সাধাৰণ মানুহৰ মাজত চৰ্চা হোৱা কথা এইবোৰ। কোনোবাই যদি কৈছে- প্রথম পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনৰ ফলাফল ৩-২ হ'ব। আন কোনোবাৰ মতে- ২-৩ ও হ'ব পাৰে। ধৰিব পৰা জনে এই ২-৩ আৰু ৩-২ৰ অংক বুজি পায়। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বতৰত মানুহৰ মাজত এনেবোৰ কথায়ে আলোচনা হোৱাতো স্বাভাৱিক।

গ্ৰাম্য জীৱনবোধত ব'হাগ বিহুৰ এক বিশেষ স্থান আছে। অসমীয়া জাতীয় জীৱনৰ স্বাভিমান এই বিহু। গৰু বিহুৰে আৰম্ভ হোৱা এই বিহু ৭দিন ধৰি চলে। মাখিয়তী, দীঘলতি পাতেৰে কোবাই নি পুখুৰী বা নদীৰ পাৰত গৰুক গা ধোৱাই নতুন পঘাৰে বন্ধা পৰম্পৰাৰে আৰম্ভ হয় ব'হাগ বিহু।

হালধী, থেকেৰা, বেঙেনা, কেৰেলা, জাতিলাও আদিৰে সজা চাকৰ পৰা এইবোৰ উলিয়াই গৰুৰ গাত মাৰি কোৱা হয়- 'লাও খা, বেঙেনা খা, দিনে দিনে বাঢ়ি যা… মাৰে সৰু, বাপেৰে সৰু তই হ'বি বৰ বৰ গৰু।' এইবাৰ এইবোৰ কথালৈ ইমান দিবলৈ আজৰি নাই। নিৰ্বাচনৰ ঘূৰ্ণী বতাহে উত্তাল কৰি ৰখা পৰিৱেশৰ মাজত কোনোবাই গাইছে- 'আকৌ এবাৰ মোডী চৰকাৰ।' আন কোনোবাই গাইছে- 'চকীদাৰেই চোৰ।'

নিৰ্বাচনৰ বতৰত গীত-নৃত্যও চলিছে। তেজপুৰ, ডিব্ৰুগড়, নলবাৰীৰ পৰা আৰম্ভ কৰি প্ৰান্তে প্ৰান্তে চলা এই নৃত্য-গীত বিহুৰ নহয়, এই নৃত্য-গীত ৰাজনীতিৰ। এজনেই মানুহ, খোজ কাঢ়ি কাঢ়ি তেওঁ ৰাজপথত গাইছে ৰাজনীতিৰ গীত আৰু মানুহক আকৰ্ষণ কৰি সেই গীতৰ তালত চাপৰি বজাই তেওঁ নাচিছে ।

লোকসভা নিৰ্বাচনত তেজপুৰৰ পৰা এই প্ৰভাৱশালী মন্ত্ৰীগৰাকী প্ৰাৰ্থী হোৱাৰ কথা আছিল। তেওঁৰ নামো ৰাজ্যিক বিজেপিৰ নেতৃত্বই দিল্লীলৈ প্ৰেৰণ কৰিছিল। তেওঁৰ নাম শেষ মুহূৰ্তত প্ৰাৰ্থীৰ তালিকাৰ পৰা কাটি দিয়া হ'ল। বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁক প্ৰাৰ্থিত্ব নিদিয়াৰ যুক্তি ৰূপে দাঙি ধৰিলে- উত্তৰ-পূবৰ বিজেপিৰ নিৰ্বাচনত তেওঁ সক্ৰিয় হ'ব লাগিব। সেয়েহে তেওঁক নিৰ্বাচন খেলিবলৈ দিয়া হোৱা নাই।

ইয়াকে হয়তো সান্তনা বাণী বুলি কয়। উত্তৰ-পূবত কেইবাটাও আঞ্চলিক ৰাজনৈতিক দলৰে মিত্ৰ স্থাপনেৰে বিজেপিয়ে গঠন কৰিছিল এখন উমৈহতীয়া মঞ্চ, নাম 'নেডা'। সেই নেডাৰ আহ্বায়ক আছিল এই বিশেষ প্ৰভাৱশালী মন্ত্ৰীগৰাকী। ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁক প্ৰাৰ্থিত্ব নিদি ইমান ডাঙৰ দায়িত্ব দিয়া বুলি প্ৰচাৰো চলিল। আচলতে প্ৰাৰ্থিত্ব নিদিয়া বিষয়টোক তল পেলাবলৈকে যেন এনে কৰা হ'ল।

উত্তৰ-পূৰ্বাঞ্চলত মুঠ ২৫খন লোকসভা আসন আছে। তাৰ ভিতৰত অসমত ১৪খন, মণিপুৰত ২খন, ত্ৰিপুৰাত ২খন, মিজোৰামত ১খন, অৰুণাচলত ২খন, নগালেণ্ডত ১খন, মেঘালয় ২খন আৰু ছিকিমত ১খন লোকসভা আসন আছে। এই আসন কেইখনৰ ভিতৰত বিজেপিয়ে ২০ৰ পৰা ২২খন আসন লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছিল।

সেয়েহে এইগৰাকী প্ৰভাৱশালী মন্ত্ৰীক নেডাৰ আহ্বায়ক পাতি বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই সেই গধুৰ দায়িত্ব দিছিল বুলি ভবা হৈছিল। অসমৰ ৯খন আৰু মণিপুৰৰ ১খন আসনৰ বাদে ১৫খন লোকসভা আসনৰ বাবে নিৰ্বাচনৰ ভোটগ্ৰহণ হৈ গ'ল। অৰ্থাৎ অসমক বাদ দি উত্তৰ-পূবৰ প্ৰায়বোৰ ৰাজ্যৰ নিৰ্বাচন অন্ত পৰিল।

মণিপুৰৰ ১খন আসনৰ নিৰ্বাচন ১৮ এপ্ৰিলত অনুষ্ঠিত হ'ব। অর্থাৎ উত্তৰ-পূবত নিৰ্বাচনী প্ৰচাৰ চলাব লাগিব বুলি কৈ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূবৰ আন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা পোৱা নগ'ল। তেওঁৰ পৰিক্ষেত্ৰ প্ৰায় অসমতে সীমাৱদ্ধ হৈ ৰ'ল।

বিজেপিৰ তেজপুৰ সমষ্টিৰ বৰ্তমানৰ সাংসদ আৰ পি শৰ্মাৰ মতে, এই মন্ত্ৰীজন উত্তৰ-পূবত নিৰ্বাচনৰ সময়ত অদৃশ্য হৈ গ'ল। নেডা পানীত গ'ল। ব্ৰহ্মপুত্ৰত উটি গ'ল নেডা। এতিয়া তেওঁ নাচি-বাগি সময় কটাইছে। টিকট নোপোৱাৰ বাবে আৰ পি শৰ্মাই এনে কথা কোৱাতো স্বাভাৱিক।

বাস্তৱত কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোৱা কিছুদিনৰ কাৰ্যসূচী লক্ষ্য কৰিলে এই কথা স্পষ্ট হয়- নেডাৰ হৈ উত্তৰ-পূবত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হ'ব লাগিব বুলি কোৱা মানুহজনৰ নিৰ্বাচনী প্ৰচাৰ অসমতে সীমাৱদ্ধ হৈ ৰ'ল। অৰুণাচলত তেওঁক প্ৰচাৰ চলাবলৈ যাব নালাগে বুলিয়েই ক'লে ৰাজ্যখনৰ ৰাজ্যিক বিজেপি নেতৃত্বই।

তেওঁৰ বিপৰীতে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰণ ৰিজিজুক গুৰুত্ব দিলে অৰুণাচলৰ ৰাজ্যিক বিজেপিয়ে। শেষ মুহূৰ্তত ৰিজিজুৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতি ৰণকৌশল সলাই দিলে। কেবৰ ঘোৰ সমৰ্থক হিমন্ত বিশ্ব শৰ্মাক ষ্টাৰ কেম্পেইনাৰ বা ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব দিব নোখোজিলে অৰুণাচল বিজেপিয়ে।

আন ৰাজ্যৰ ক্ষেত্ৰতো একেই দেখা গ'ল। নগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আদি ৰাজ্যসমূহতো নেডাৰ সহযোগী দলসমূহে হিমন্ত বিশ্বক পচন্দ নকৰিলে। ফলত বিজেপি নেতৃত্বই তেওঁক সেই দায়িত্ব দিলেওঁ, কাৰ্যতঃ অসমতে তেওঁ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ থাকিব লগা হ'ল।

চুবুৰীয়া ৰাজ্য মেঘালয়লৈকে তেওঁ নিৰ্বাচনী প্ৰচাৰত যোৱা দেখা পোৱা নগ'ল। এক কথাত নেডাৰ আহ্বায়ক গৰাকীক আন ৰাজ্যত এইবাৰ দেখা পোৱাই নগ'ল। অথচ সেই নেডাৰ অজুহাততেই তেওঁক টিকটৰ পৰা বঞ্চিত কৰা হৈছিল। অসমতে সীমাৱদ্ধ হৈ ৰ'ল তেওঁৰ নিৰ্বাচনী প্ৰচাৰ।

উত্তৰ-পূবত বিজেপিয়ে আন সহযোগী ৰাজনৈতিক দলসমূহৰ সৈতে মিলি ২০ৰো অধিক আসনত দখলৰ লক্ষ্য লৈছিল। কিন্তু এই মিছনত কিমান সফল হয়, সেয়া সময়ে ক'ব। এনে কথাও চৰ্চা হৈছে- অসমত ১০খন আলন লাভ কৰিম বুলি কোৱা বিজেপিৰ এই ইচ্ছা পূৰণ হ'বনে?

অমিত শ্বাহে টুইট কৰি হিমন্ত বিশ্ব শৰ্মাক নেডাৰ আহ্বায়ক ৰূপে গুৰু দায়িত্ব পালন কৰিব লাগিব বুলি কৈছিল। কিন্তু কাৰ্যক্ষেত্ৰত আন কোনো ৰাজ্যতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়োজনেই নহ'ল। অৰুণাচলপ্ৰদেশত লোকসভা নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হৈ গ'ল। কিন্তু এই অৰুণাচলৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ ল'লে। কিন্তু ছাঁটোকেই দেখিবলৈ পোৱা নগ'ল হিমন্ত বিশ্ব শৰ্মাৰ।

হিমন্ত বিশ্ব শৰ্মাই প্রথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত বৰাকলৈ ঢাপলি মেলিলে। তাত ৰোড শ্ব', নিৰ্বাচনী সভাত অংশ ল'লে। বৰাকলৈ যোৱাৰ পূৰ্বে তেওঁ নগাঁও আৰু মৰিগাঁও আৰু ১১ এপ্ৰিলত প্রধানমন্ত্ৰী মোডীৰ কেন্দোকোণাৰ নিৰ্বাচনী ৰেলীত হিমন্ত বিশ্ব শৰ্মাক দেখা পোৱা গৈছিল।

১০ এপ্ৰিলত তেওঁক দেখা গৈছিল হোজাইত। নগাঁৱত তেওঁ অংশ লৈছিল ৰেলীত। সেই দিনাই তেওঁ মায়ঙতো এখন জনসভাত অংশ লৈছিল। ৯ এপ্ৰিলত তেওঁ নলবাৰীৰ জনসভাত অংশ লৈ আকৌ এবাৰ মোডী চৰকাৰ গীতৰ তালত নৃত্য কৰিছিল। লামডিঙতো পুৱাই এক ৰোড শ্ব'ত অংশ লৈছিল হিমন্ত বিশ্ব শৰ্মাই। সেইদিনা ৰঙিয়াতো এখন জনসভাত অংশ লৈছিল হিমন্ত বিশ্বই।

চামগুৰি, বঢ়মপুৰ, কাঁকী, বিশ্বনাথ, গহপুৰ, শিৱসাগৰ, সোণাৰী, তেজপুৰ আদি নিৰ্বাচনী সভা, ৰোড শ্ব'ত অংশ লৈছিল হিমন্ত বিশ্ব শৰ্মাই। ৬ এপ্ৰিলত তেওঁ আছিল ডুমডুমাত। টিয়ক, ডুমডুমা, মাজুলী, কলিয়াবৰৰ নিৰ্বাচনী সভাত অংশ লোৱা হিমন্ত বিশ্ব শৰ্মাই এবাৰো যাব লগা নহ'ল নেডাৰ আহ্বায়ক ৰূপে আন ৰাজ্যলৈ। অথচ এইজন হিমন্ত বিশ্ব শৰ্মাক নেডাৰ আহ্বায়ক ৰূপে উত্তৰ-পূবৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব দিয়াৰ কথা কোৱা হৈছিল।

জাগীৰোডত অনুষ্ঠিত অমিত শ্বাহৰ সভাত হিমন্ত বিশ্বক দেখা পোৱা গৈছিল। কিন্তু তেওঁৰ নিৰ্বাচনী প্ৰচাৰ ক্ষেত্ৰ কেৱল অসমতেই সীমাৱদ্ধ হৈ ৰ'ল। ৫ এপ্ৰিলত তেওঁ বিহপুৰীয়াৰ এক জনসভাত অংশ লৈছিল। ৪ এপ্ৰিলত তেওঁ আছিল ডিব্ৰুগড়ৰ পদযাত্ৰাত ব্যস্ত। সেইদিনা লাহোৱালতো এখন সভাত অংশ লৈছিল হিমন্ত বিশ্ব শৰ্মাই।

অসমত এই সক্ৰিয়তাৰ বিপৰীতে উত্তৰ-পূবৰ কোনো ৰাজ্যতে হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা পোৱা নগ'ল। টিকটৰ পৰা বঞ্চিত কৰি তেওঁক বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই দিয়া দায়িত্ব পালন কৰা দেখিবলৈ পোৱা নগ'ল এইবাৰ। হিমন্ত বিশ্ব শৰ্মাই পদযাত্ৰাৰে ৰোড শ্ব' কৰি অসমৰ ১৪খন আসনৰ কিমানখন বিজেপিক দিব পাৰে সেয়া সময়ে ক'ব।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা উত্তৰ-পূবৰ ১৫খন আসনৰ ভিতৰত মাত্ৰ ৫খনতহে হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনী প্ৰচাৰ সীমাৱদ্ধ হৈ ৰ'ল। অৰ্থাৎ নেডাৰ আহ্বায়কগৰাকী ১০টা লোকসভা সমষ্টিত প্ৰচাৰ চলোৱাই দেখা পোৱা নগ'ল। ৰাজনীতিত সকলো কথা সুক্ষ্মভাৱে চাব লগা হয়। এই কথাবোৰে কিহৰ ইংগিত দি যায়? সেয়াও বিচাৰ কৰিব লগা কথা।

বিজেপিৰ নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাক গধুৰ দায়িত্ব দিয়া বুলি কৈছিল। সেই দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই পালন নকৰিলে নে পালন কৰিবলৈ সুযোগ নাপালে। অসমৰ ৰাজপথত বিহুৰ বতৰত নিৰ্বাচনী গীতেৰে নাচি-বাগি থাকিলেও, বাস্তৱৰ ছবি এইখনে হয়। নেডাৰ আহ্বায়ক গৰাকী হঠাৎ উত্তৰ-পূবৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা বিহু আৰু নিৰ্বাচনী বতৰত অদৃশ্য হৈ পৰাৰ কাৰণ কি? নিশ্চয় ইয়াৰ কাৰণ থাকিব।

বিহু এইবাৰ আগতীয়াকৈ আহিল। ৰাজপথত নচা সকলৰ গাত আগতীয়া নিৰ্বাচনী বিহু লাগিল। এই উৎসাহ-আনন্দৰ মাজতেই তেওঁলোকৰ কাম-কাজ আৰু ৰাজনৈতিক সক্ৰিয়তাৰ বহিঃপ্ৰকাশৰ চেষ্টা চলিল। কিন্তু কেতিয়াবা এনে লাগে, তেওঁক যেন কোনোবাই পুতলা নাচৰ এক চৰিত্ৰৰ দৰে ৰচি টানি নচোৱাই আছে আৰু তেওঁ নাচি আছে। ওপৰৰ নিৰ্দেশ- নাচ … নাচ। তেওঁ যিমান পাৰে নাচিছে। এই নাচৰ ফলাফল ২৩ মে'ত ওলাব। একেলগে বিহু আৰু নিৰ্বাচন। সেয়েহে এতিয়া এনে পৰিৱেশ ৰাজ্যত।