নিৰ্বাচন-২০১৯

গান্ধী আৰু বাদ্ৰা পৰিয়ালে মেলিছে দুৰ্নীতিৰ বজাৰঃ স্মৃতি ইৰাণী

asomiyapratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে ৰাজনৈতিক দলসমূহ মাজত বৃদ্ধি পাইছে তৎপৰতা। তাৰ লগতে দলসমূহৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণো বৃদ্ধি পাইছে এতিয়া। ইফালে যদি কংগ্ৰেছে বিজেপিৰ ভ্ৰষ্টাচাৰ, দুৰ্নীতি আৰু ব্যৰ্থতা উদঙাই দি নৰেন্দ্ৰ মোডী আৰু শীৰ্ষ নেতৃত্বক আক্ৰমণ কৰি লৈছে, তাৰ বিপৰীতে আকৌ বিজেপিৰ নেতা-মন্ত্ৰীয়ে কংগ্ৰছ চৰকাৰতকৈ ভাল কাম কৰাৰ দাবী কৰি ভোট ভিক্ষা কৰিছে।

শেহতীয়াকৈ এইবাৰ কংগ্ৰেছক আক্ৰমণ লক্ষ্য কৰি লৈছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি স্মৃতি ইৰাণীয়ে কয় যে ৭০ বছৰে কংগ্ৰেছে দেশত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰে দুৰ্নীতি সংঘটিত কৰি আহিছিল। যোৱা ২৪ ঘন্টাৰ ভিতৰত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সমূহেও এয়া প্ৰমাণ কৰে যে কেনেদৰে বাদ্ৰা আৰু গান্ধী পৰিয়ালে চৰম দুৰ্নীতি সংঘটিত কৰি আহিছে।

স্মৃতি ইৰাণীয়ে কয়, 'এতিয়া ৰাহুল গান্ধীয়ে ৰবাৰ্ট বাদ্ৰাৰ পিছত লুকুৱাই আছে। খুলশালীয়েকে এতিয়া জনাব লাগে যে প্ৰতিৰক্ষা চুক্তিৰ প্ৰতি তেওঁৰ ইমান আগ্ৰহ কিয়? কেইটামান টকাৰ বাবেই ৰাহুল গান্ধীয়ে দেশৰ সুৰক্ষাক বন্ধকত ৰাখিব বিচাৰে নেকি? তেওঁ কিহৰ বাবে আমাৰ বীৰ জোৱানৰ আকৌ শ্বহীদ কৰাব বিচাৰি আছে?'