নিৰ্বাচন-২০১৯

ৰাহুল গান্ধী এটা টোপ, মই এ কে-৪৭ঃ নৱজোৎ সিং সিদ্ধু

asomiyapratidin

ডিজিটেল ডেস্কঃ কিছুদিন ধৰি মৌনব্ৰত ধাৰণ কৰাৰ অন্তত পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে পঞ্জাৱৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা নৱজোৎ সিং সিদ্ধু। বৃহস্পতিবাৰে এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ সিদ্ধুৱে কয়, '২০১৪ চনত প্ৰধানমন্ত্ৰী মোডী 'গংগা পুত্ৰ' হৈ আহিছিল। কিন্তু এইবাৰ নিৰ্বাচনৰ পিছত তেওঁ 'ৰাফেল চুক্তিৰ এজেন্ট' হিচাপেহে উভতিব।'

সিদ্ধুৱে কয়, 'ৰাফেল চুক্তিত প্ৰধানমন্ত্ৰীয়ে দালালী কৰিছে নে নাই মই সেয়া প্ৰধানমন্ত্ৰীগৰাকীক সুধিব বিচাৰো। তেওঁ মোৰ সৈতে দেশৰ যিকোনো প্ৰান্ততে যুক্তি-তৰ্কত বহিব পাৰে। মই সাজু আছো।' আনহাতে ৰাহুল গান্ধী সন্দৰ্ভত মন্তব্য কৰি সিদ্ধুৱে কয়, 'ৰাহুল গান্ধী এক বিশাল চিন্তা। তেওঁ এটা টোপৰ সমান। মই তেওঁৰ তুলনাত এটা এ কে-৪৭ হে।'

সিদ্ধুৱে প্ৰধানমন্ত্ৰী মোডীক প্ৰত্যাহ্বান জনায় কয়, 'মই তেওঁৰ 'নিজেও নাখাও, খাবলৈও নিদিও' বুলি বাৰে বাৰে কৰা সেই মন্তব্যৰ প্ৰত্যাহ্বান জনাইছো। তেওঁৰ সৈতে যদি মই পৰাজিত হও, তেন্তে চিৰদিনৰ বাবে ৰাজনীতি ত্যাগ কৰিম। এদিন গংগা পুত্ৰৰ দৰে অহা প্ৰধানমন্ত্ৰী এতিয়া ২০১৯ৰ নিৰ্বাচনৰ পিছত 'ৰাফেল চুক্তিৰ এজেন্ট' হৈ পৰিছে।'