নিৰ্বাচন-২০১৯

নিৰ্বাচন আয়োগৰ ব্ৰেণ্ড এম্বেছাদৰ ৰাহুল দ্ৰাবিড়েই দিবলৈ নাপায় ভোট! কিয়…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ৰ নাম নাই ভোটাৰ লিষ্টত। অথচ নিৰ্বাচন আয়োগৰ কৰ্ণাটকৰ ব্ৰেণ্ড এম্বেছাদৰ এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ। সেহেয়ে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰিব নোৱাৰিব খোদ ব্ৰেণ্ড এম্বেছাদৰ ৰাহুল দ্ৰাবিড়ে। কৰ্ণাটকৰ নিৰ্বাচনী বিষয়াই এই কথা সদৰি কৰিছে।

প্ৰাক্তন ক্ৰিকেটাৰগৰাকী বাংগালুৰুৰ। ১৮ এপ্ৰিলত অনুষ্ঠিত হ'ব তাত নিৰ্বাচন। কৰ্ণাটকৰ মুখ্য নিৰ্বাচনী বিষয়া সঞ্জীৱ কুমাৰে এই সন্দৰ্ভত জানিবলৈ দিয়া মতে, ঘৰ সলনি কৰিছিল প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে। কিন্তু ঘৰ সলনিৰ পাছত নতুন ঠিকনাৰে ভোটাৰ লিষ্টত নাম অন্তৰ্ভূক্ত কৰিবলৈ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই আজি এই পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, ৰাহুল দ্ৰাবিড়ৰ পিতৃ গৃহত থকা বাকী সকলৰ নাম ভোটাৰ লিষ্টত আছে যদিও তেওঁৰ নাম ঠিকনা সলনি হোৱাৰ বাবেই লিষ্টৰ পৰা আতৰিছে।