নিৰ্বাচন-২০১৯

প্ৰিয়ংকাৰ ৩ দিনীয়া গংগা যাত্ৰা, বাৰানসীৰ পৰা কৰিব পাৰে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজনীতিক প্ৰৱেশৰ পিছত আলোচনাৰ মধ্যমণি হৈ পৰিছে প্ৰিয়ংকা। গান্ধী পৰিয়ালৰ সুপুত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই ক'ৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব তাক লৈও চলিছে সৰৱ চৰ্চা। কিছুদিনৰ পূৰ্বে গোৰখপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰিয়ংকাই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আলোচনা আৰম্ভ হৈছিল যদিও পাৰ্টী হাইকমাণ্ডে সেয়া খাৰিজ কৰে। কিন্তু এইবাৰ চৰ্চা চলিছে, প্ৰিয়ংকাই নিৰ্বাচন খেলিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কেন্দ্ৰ বাৰানসীৰ পৰা। কংগ্ৰেছৰ অধিকাংশ নেতা-কৰ্মীয়েও সেয়াই বিচাৰিছে।

প্ৰিয়ংকা গান্ধীক লৈ চলা এই জল্পনা কল্পনাত ঘি ঢালিছে শেহতীয়াকৈ প্ৰকাশ পোৱা তেওঁৰ ৰাজনৈতিক ভ্ৰমণ সূচীৰ খবৰে। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, ৩ দিনৰ গংগা ভ্ৰমণৰ বাবে সাজু হৈছে প্ৰিয়ংকা। ১৮ মাৰ্চৰ দিনা প্ৰয়াগৰাজৰ পৰা ষ্টিমাৰ বোটৰে যাত্ৰা আৰম্ভ কৰিব তেওঁ। যাত্ৰাকালৰ সময়ত বিভিন্ন ঘাটত উপস্থিত হৈ তেওঁ স্থানীয় বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰিব। ২০ মাৰ্চত বাৰাণসীত উপস্থিত হৈ যাত্ৰাৰ সামৰণি পেলাব প্ৰিয়ংকাই।

গংগাৰ বুকুৱেদি মুঠ ১৪০ কিলোমিটাৰ পথ যাত্ৰা কৰিব প্ৰিয়ংকা গান্ধীয়ে। উল্লেখ্য যে, কংগ্ৰেছে ইতিমধ্যে দুই দফাৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। এই প্ৰাৰ্থী তালিকাত মাতৃ ছোনীয়া গান্ধী আৰু ভাতৃ ৰাহুল গান্ধীৰ নাম সন্নিৱিষ্ট হ'লেও তালিকাত নাম নাই প্ৰিয়ংকাৰ। যাৰ বাবে প্ৰিয়ংকাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগ নবঢ়ায় বুলিও কোনো কোনোৱে মন্তব্য কৰিছে।

২০১৪ চনত বাৰানসীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। অৰবিন্দ কেজৰীৱালৰ তুলনাত তেওঁ প্ৰায় ৩ লাখ ৩৭ হাজাৰ অধিক ভোটত জয়ী হৈছিল। অৱশ্যে ২০১৯ৰ নিৰ্বাচনত বাৰানসীত পট পৰিৱৰ্তনৰ আশংকা কৰিছে বহুতে। লোকসভা সমষ্টিটোত পূৰ্বৰ তুলনাত বিজেপিৰ প্ৰভূত্ব কমি যোৱাৰ বাবে এইবাৰ নিৰ্বাচনত কংগ্ৰেছ, আপ আৰু বিজেপিৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে।

ইফালে ২০১৯ৰ লোকসভা নিৰ্বাচনত বাৰানসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কৰিছে দলিত নেতা তথা ভীম আৰ্মীৰ প্ৰতিষ্ঠাতা চন্দ্ৰশেখৰ আজাদে। উত্তৰ প্ৰদেশত যুৱ নেতা হিচাপে পৰিচিত তথা প্ৰভাৱশালী চন্দ্ৰশেখৰ আজাদো বিজেপিৰ বাবে প্ৰত্যাহ্বান হৈ পৰাটো নিশ্চিত।