নিৰ্বাচন-২০১৯

পুৱাই হনুমানৰ কাষত প্ৰিয়ংকা গান্ধী…

asomiyapratidin

ডিজিটেল ডেস্কঃ কংগ্ৰেছত কিছুদিনৰ পূৰ্বে যোগদান কৰা প্ৰিয়ংকা গান্ধী এইকেইদিন খুবেই ব্যস্ত। সোমবাৰে পুৱা প্ৰিয়ংকাক দেখা পোৱা গ'ল এটা হনুমান মন্দিৰত। মন্দিৰত প্ৰিয়ংকাই আগবঢ়ালে পূজা-অৰ্চনা। উত্তৰ প্ৰদেশৰ পূবৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা প্ৰিয়ংকাই প্ৰয়াগৰাজত থকা এই পুৰণি হনুমান মন্দিৰটোত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পূজা আগবঢ়োৱা বুলি জানিব পৰা গৈছে।

তেওঁক সংগ দিয়ে স্থানীয় কংগ্ৰেছ নেতাসকলে। প্ৰিয়ংকা গান্ধীৰ আগমণৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে। যথেষ্ট সময় তেওঁ মন্দিৰটোত অতিবাহিত কৰে। পূজা আগবঢ়োৱাৰ পাছতে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰে প্ৰিয়ংকাই।

উল্লেখ্য যে, তিনিদিনীয়া গংগা যাত্ৰাৰ পূৰ্বে প্ৰিয়ংকা গান্ধীয়ে এই পূজা-অৰ্চনা আগবঢ়ায়। চত্ৰাংগৰ পৰা আঁচী ঘাটলৈ প্ৰিয়ংকাই ১৪০ কিঃমিঃ পথ নাৱেৰে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বে ত্ৰিবেণী সংগমলৈ গৈছিল প্ৰিয়ংকা।