নিৰ্বাচন-২০১৯

দেশবাসীয়ে সকলো বুজি পায়, আপুনিহে কেৱল তেওঁলোকক বুৰ্বক বুলি ভাৱেঃ প্ৰিয়ংকা

asomiyapratidin

ডিজিটেল ডেস্কঃ সক্ৰিয় ৰাজনীতিত ভৰি থৈয়েই নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ছোনীয়া পুত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই। বিশেষকৈ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিক সমালোচনা কৰি তেওঁ কৰা মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে। ইফালে নিৰ্বাচনী প্ৰচাৰ চলাই ৩ দিনীয়া গংগা যাত্ৰাৰ অন্ত পেলাই বুধবাৰে বাৰানসীত উপস্থিত হোৱা প্ৰিয়ংকাই পুনৰ এবাৰ মোডীৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ব্লগযোগে কংগ্ৰেছক আক্ৰমণ কৰি বংশবাদৰ ৰাজনীতি চলোৱা আৰু দেশৰ গুৰুত্বপূৰ্ণ সংস্থাসমূহ ধ্বংস কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে বাৰানসীত কংগ্ৰেছৰ মহা সচিব প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰীক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, 'মই ভাবো আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এয়া ভাবিবলৈ এৰি দিয়া উচিত যে দেশৰ জনতা বুৰ্বক। তেওঁ জনা উচিত যে দেশবাসীয়ে এতিয়া সকলো কথাই ভালদৰে বুজি আছে।'

প্ৰিয়ংকাই পুনৰ কয়, 'যোৱা ৫ বছৰত দেশৰ মৰ্যাদাপূৰ্ণ সংস্থাসমূহ কিদৰে আপুনি নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে সেয়া সকলোৱে দেখিছে। আপুনি মোতকৈ অভিজ্ঞ। কিন্তু শাসনত আপুনি থাকি কংগ্ৰেছক এনেদৰে দোষাৰোপ কৰাটো শোভা নাপায়।'

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কংগ্ৰেছ মহা সচিব গৰাকীয়ে কয়, 'আমি অলপো ভয় নকৰো। তেওঁলোকে প্ৰচাৰ কৰা মিথ্যাচাৰৰ বিৰুদ্ধে আমি সদায় যুঁজি যাম। আমাক যিমানেই প্ৰতাড়িত নকৰক লাগে, আমাৰ যুঁজ অব্যাহত থাকিব।' উল্লেখ্য যে, বুধবাৰে প্ৰিয়ংকা গান্ধীক উষ্ম আদৰণি জনায় বাৰানসীবাসী আৰু কংগ্ৰেছে।