নিৰ্বাচন-২০১৯

শেষ মুৰ্হুতত হ’বগৈ পাৰে আপ-কংগ্ৰেছৰ মিত্ৰতা!

asomiyapratidin

ডিজিটেল ডেস্কঃ অৱশেষত হ'বগৈ পাৰে কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ মাজত মিত্ৰতা। এক সুত্ৰৰ খবৰ অনুসৰি দুই দলৰ মিত্ৰতাৰ বিষয়ত মধ্যস্থতা কৰিছে এন চি পি দলৰ অধ্যক্ষ শৰদ পৱাৰে। আগন্তুক নিৰ্বাচনক বিজেপিক দলক পৰাভূত কৰিবলৈ এই দুইদলে অচিৰেই মিত্ৰতাৰ সন্দৰ্ভত শেষ মোহৰ মাৰিব বুলিও সুত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতে ৰাহুল গান্ধীক এক পত্ৰৰ জৰিয়তে আপৰ সৈতে মিত্ৰতা নকৰাৰ বিষয় অৱগত কৰিছিল। শীলা দীক্ষিতে পত্ৰত উল্লেখ কৰিছিল যে আপৰ সৈতে মিত্ৰতা কৰিলে আগন্তুক নিৰ্বাচনত লোকচানৰ সন্মুখীন হ'ব লাগিব কংগ্ৰেছ দল।' কিন্তু বিজেপিক পৰাভূত কৰিবলৈ শেষ মুৰ্হুতত কংগ্ৰেছ নেতৃত্বই এই বিষয়টো পুনৰ বিবেচনা কৰিব বুলি খবৰ পোৱা গৈছে।