নিৰ্বাচন-২০১৯

সংবাদ মেল মোডীৰ, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিলে অমিত শ্বাহে! ৰাহুল গান্ধীৰ কটাক্ষ

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৫ বছৰীয়া কাৰ্যকালৰ অন্ত পৰিবলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত অৱশেষত প্ৰথমবাৰৰ বাবে সংবাদ মেল সম্বোধন কৰিলে মোডীয়ে। শুকুৰবাৰে দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত মোডীৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহো উপস্থিত থাকে।

ইফালে প্ৰধানমন্ত্ৰী মোডীৰ ৫ বছৰীয়া কাৰ্যকালৰ প্ৰথমখন সংবাদ মেলৰ পিছতে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে এটা টুইট কৰি মোডীক কটাক্ষ কৰা পৰিলক্ষিত হয়। টুইটত ৰাহুল গান্ধীয়ে লিখিছে- 'শুভেচ্ছা জনাইছো মোডী জী! সুন্দৰ সংবাদ মেল! আপোনালোকৰ যুদ্ধ দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী সময়ত সংবাদ মেলত অমিত শ্বাহে আপোনাক কেইটামান প্ৰশ্নৰ উত্তৰ দিবলৈ অনুমতি প্ৰদান কৰিব পাৰে। বঢ়িয়া!'

উল্লেখ্য যে, শুকুৰবাৰৰ প্ৰধানমন্ত্ৰীৰ সংবাদ মেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে অমিত শ্বাহে দে দিয়া পৰিলক্ষিত হয়। সাংবাদিকে মোডীক এটা প্ৰশ্ন সোধাৰ সময়তে কোৱা হয় যে সংবাদ মেলত প্ৰশ্নৰ উত্তৰ কেৱল বিজেপিৰ সভাপতিগৰাকীয়েহে দিব। যাৰ পৰিপ্ৰেক্ষিত ৰাহুল গান্ধীয়ে এনেদৰে টুইট কৰি প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰে।

আনফালে, প্ৰধানমন্ত্ৰীৰ সংবাদ মেলৰ প্ৰায় একে সময়তে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়েও শুকুৰবাৰে এক সংবাদ মেল সম্বোধন কৰে। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰণদ্বীপ সুৰজেৱালাৰ উপস্থিতিত সম্বোধন কৰা সংবাদ মেল খনত ৰাহুল গান্ধীয়ে নিৰ্বাচনী ৰেলী সন্দৰ্ভত মন্তব্য কৰাৰ লগতে সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে।