নিৰ্বাচন-২০১৯

কানহাইয়া কুমাৰে মনোয়নৰ সৈতে দাখিল কৰা তথ্যত নিজকে ক’লে নিবনুৱা, ২ বছৰৰ উপাৰ্জন ৮.৫৮ লাখ

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰাক্তন ছাত্ৰ নেতা কানহাইয়া কুমাৰে মঙলবাৰে বিহাৰৰ বেগুচৰাই সমষ্টিৰ বাবে চিপিআই প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল কৰে। কানহাইয়া কুমাৰৰ মনোনয়ন দাখিলৰ সময়ত সংগ দিয়ে বলীউডৰ অভিনেত্ৰী স্বাৰা ভাস্কৰ, মানবাধিকাৰ কৰ্মী টিস্তা চিতলবাড়, দলিত নেতা জিগনেশ মেৱানীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি আৰু সমৰ্থকসকলে।

ইফালে, মনোনয়নত দাখিল কৰা তথ্য অনুসৰি কনহাইয়া কুমাৰে ২০১৮-১৯ চনত তেওঁৰ মুঠ উপাৰ্জন ২,২৮,২৯০ টকা ঘোষণা কৰে। তেওঁ দাখিল কৰা তথ্য অনুসৰি ২০১৭-১৮ বৰ্ষত তেওঁৰ আয়ৰ পৰিমাণ আছিল ৬,৩০,৩৬০ টকা। মনোনয়ন পত্ৰত প্ৰাক্তন ছাত্ৰনেতা এই দুটা বিত্তিয় বৰ্ষৰ উপাৰ্জনৰ নথি প্ৰদান কৰে।

মনোনয়নত দাখিল কৰা অনুসৰি বৰ্তমান কানহাইয়া কুমাৰৰ হাতত জমা থকা নগদ ধনৰ পৰিমাণ হৈছে ২৪ হাজাৰ টকা। তেওঁৰ দুটা বেংক একাইন্টৰ এটাত ১,৬৩,৬৪৭ টকা জমা থকাৰ বিপৰীতে আনটো একাইন্টত মাত্ৰ ৫০ টকা জমা আছে। তেওঁ দাবী কৰা মতে কিতাপ লিখি আৰু বিভিন্ন মঞ্চত ভাষণ প্ৰদান কৰি তেওঁ এই ধন উপাৰ্জন কৰিছে। নিজকে তেওঁ নিবনুৱা আৰু এজন ফ্ৰীলান্সাৰ ৰাইটাৰ হিচাপে দাবী কৰে। আনহাতে প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ বিৰুদ্ধে ৫ টাকৈ অপৰাধমূলক গোচৰ ৰুজু হৈ থকা বুলিও তেওঁ জানিবলৈ দিয়ে।

উল্লেখ্য যে সমৰ্থকৰ বৃহৎ সমদলৰ মাজেৰে মনোনয়ন দাখিল কৰা কানহাইয়া কুমাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয় যে, তেওঁৰ মূল প্ৰতিদ্বন্দ্বী হৈছে বিজেপি প্ৰাৰ্থী গিৰিৰাজ সিং। জনতাই তেওঁৰ পক্ষত ভোট দিব বুলি আত্মবিশ্বাস প্ৰদৰ্শন কৰি ছাত্ৰ নেতাজনে কয়, 'পৰিৱৰ্তন মানুহে বিচাৰিছে বাবেই এইবাৰ মোক ভোট দিব। জয়-পৰাজয় পিছৰ কথা, কিন্তু এজন বলিষ্ঠ সাংসদ বেগুচৰাইবাসীয়ে বিচাৰিছে।'