নিৰ্বাচন-২০১৯

‘সুযোগ পালে ময়ো যাম কংগ্ৰেছলৈ…’

asomiyapratidin

ডিজিটেল ডেস্কঃ 'যদি কংগ্ৰেছৰ পৰা প্ৰস্তাৱ লাভ কৰো, তেন্তে মই কংগ্ৰেছত যোগ দিবলৈ ইচ্ছুক।' -এই মন্তব্য আম আদমী পাৰ্টীৰ বিধায়ক অলকা লাম্বাৰ। দিল্লীত আপ আৰু কংগ্ৰেছৰ মিত্ৰতাক লৈ অনুষ্ঠিত হ'ব লগা বৈঠকৰ পূৰ্বেই এই মন্তব্য কৰে বিধায়িকাগৰাকীয়ে।

বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি বিধায়িকাগৰাকীয়ে কয়, 'এই সময়ত দেশৰ স্বাৰ্থই অতি গুৰুত্বপূৰ্ণ। বিজেপিৰ বিৰুদ্ধে দেশজুৰি চলা আন্দোলনৰ অংশীদাৰ হোৱাৰ সময় এয়া। এনে সময়ত যদি কংগ্ৰেছে মোক তেওঁলোকৰ পাৰ্টীত যোগ দিয়াৰ বাবে প্ৰস্তাৱ দিয়ে, তেন্তে সেয়া মই নাকচ কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে।'

উল্লেখ্য যে, দীৰ্ঘ সময় ধৰি কংগ্ৰেছ নেতা হিচাপে কাম কৰা অলকা লাম্বাই পিছত আম আদমী পাৰ্টীত যোগ দিছিল। কিন্তু বিভিন্ন কাৰণত আম আদমী পাৰ্টীৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰা অহা অলকা লাম্বাই পুনৰ এবাৰ কংগ্ৰেছৰ মজিয়ালৈ উভতি যাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

'কংগ্ৰেছে ভাল কাম কৰি আহিছে। কংগ্ৰেছ দলক মই সন্মান কৰি আহিছো। এতিয়া বিজেপিৰ বিৰুদ্ধে যোগ্য প্ৰত্যুত্তৰ দিবলৈ কংগ্ৰেছ সাজু হৈছে। দেশজুৰি চলা মোডীৰ ঢৌ এতিয়া শাম কাটিছে। মই কংগ্ৰেছত যোগ দি মোডীৰ বিৰুদ্ধে চলোৱা আন্দোলনৰ অংশীদাৰ হ'ব খোজো।' -সংবাদ মাধ্যমৰ সন্মুখত এনেদৰে মত ব্যক্ত কৰে বিধায়িকা অলকা লাম্বাই।